AVALANCHE IN UTTARAKHAND : উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন ২৬ গৰাকীৰ মৃতদেহ এতিয়ালৈকে উদ্ধাৰ

WhatsApp Image 2022 10 07 at 18.11.46 1

AVALANCHE IN UTTARAKHAND  : পাৰ্বত্য ৰাজ্য উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ দ্ৰৌপদীৰ দণ্ডা-২ শৃংগত সংঘটিত ভয়াৱহ হিমস্খলনত সন্ধানহীন হৈ থকা মুঠ ২৯ গৰাকী পৰ্বতাৰোহীৰ ২৬ জনৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে ৷

উল্লেখ্য যে দীপশিখা হাজৰিকা নামৰ অসমৰ এগৰাকী পৰ্বতাৰোহী সন্ধানহীন হৈ আছে ৷ দুৰ্ভগীয়া পৰিয়ালটিয়ে জীয়ৰীৰ সন্ধানৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মালৈ জনাইছিল এক কাতৰ আহ্বান ৷ আজি দুপৰীয়া ভাগলৈকে ৭ গৰাকী পৰ্বতাৰোহন প্ৰশিক্ষাৰ্থীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি প্ৰকাশ কৰে নেহেৰু ইনষ্টিটিউট অৱ মাউন্টেনেৰিং কৰ্তৃপক্ষই ৷

মনকৰিবলগীয়া যে পৰ্বতাৰোহনৰ প্ৰশিক্ষণৰ বাবে যোৱা ৪৪ জনীয়া দলৰ এটা দলে মঙলবাৰে দ্ৰৌপদীৰ দণ্ডা-২ পৰ্বত শৃংগআৰোহন কৰিবলৈ গৈ থকা পথত হঠাতে হোৱা হিমস্খলনত আৱদ্ধ হৈ পৰিছিল ৷ এন ডি আৰ এফ,এছ ডি আৰ এফ,আই টি বি পি আৰু ভাৰতীয় সেনাই অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে উদ্ধাৰ অভিযান নিজেই তদাৰক কৰিছে ৷

Exit mobile version