MODEL HOSPITAL : বগা হাতীত পৰিণত কোটি টকীয়া সেৰফানগুৰী মডেল হস্পিতাল

মুকলি কৰাৰ তিনি বছৰ পিছতো বৰ্তমানেও নাই ডক্টৰ,নাৰ্চৰ ব্যৱস্থা

WhatsApp Image 2022 10 07 at 18.33.54

MODEL HOSPITAL : চৰকাৰে কোটি কোটি টকা ব্যয় সাপেক্ষে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত তথা পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ সেৰফানগুৰীত ২০১৪ চনত মডেল হস্পিতালৰ নিৰ্মান কাৰ্য্য আৰম্ভ কৰে।পিছত ২০১৯ চনত প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু বৰ্তমানৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে উক্ত মডেল হস্পিতালৰ মুকলি কৰে যদিও আজিৰ দিনত উক্ত হস্পিতালত নাই ডক্টৰ আৰু নাৰ্চৰ ব্যৱস্থা।

ইপিনে পশ্চিম কোকৰাঝাৰ বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত সেৰফানগুৰীত এখন মডেল হস্পিতাল থকা সত্বেও আজিও বৃহৎ অঞ্চলৰ ৰাইজে সু চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে। সেয়ে আজি উক্ত অঞ্চলৰ ৰাইজে সংবাদমাধ্যমৰ জৰিয়তে অতি সোনকালে সেৰফানগুৰীৰ মডেল হস্পিতালত ডাক্তৰ আৰু নাৰ্চৰ ব্যৱস্থা কৰি ৰাইজক সু চিকিৎসা কৰি দিবলৈ চৰকাৰক দাবী জনায়।

Exit mobile version