AMIT SHAH SPEECH IN KHANAPARA : খানাপাৰা খেলপথাৰত কি ক’লে গৃহমন্ত্ৰী অমিত শ্বাহে ?

WhatsApp Image 2022 10 08 at 19.42.48

AMIT SHAH SPEECH IN KHANAPARA :  খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি ভাৰতীয় জনতা পাৰ্টীৰ বিশাল দলীয় সভা অনুষ্ঠিত হয় । লোকে লোকাৰণ্য হৈ পৰে খেলপথাৰ । উক্ত সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “ভাৰতীয় জনতা পাৰ্টীৰ বিকাশ অদ্ভুত । ত্যাগ আৰু বলিদানেৰে ভৰপূৰ । হিমন্ত‌ই ভাষণত কৈছেই । ৮০ৰ পাছত কবিন্দ্ৰ পুৰকায়ষ্ঠ ইয়াত উপস্থিত আছে আৰু হৰি উপাধ্যায়ৰ দৰে বহু কাৰ্যকৰ্তাক আজি মঞ্চত আমন্ত্ৰণ কৰা হৈছে । এইটো আমাৰ সংস্কাৰ সঞ্চয় কৰা এটা অদ্ভূত প্ৰক্ৰিয়া ।”

তেওঁ লগতে কয়, “ভাৰতীয় জনতা পাৰ্টীৰ যেতিয়া চৰকাৰ গঠন কৰাৰ কোনো সম্ভাৱনা নাছিল, বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল, তেতিয়া তেওঁলোকে দলটো আগবঢ়াই নিছিল, বীজ ৰোপণ কৰিছিল । মোদীজিৰ নেতৃত্বত এই বীজ আজি বটবৃক্ষ হৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক ছাঁ দিছে ।”

ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয় এটা মন্দিৰ বুলি উল্লেখ কৰি তেওঁ কয়, “ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ বাবে কাৰ্যালয় ভৱন নহয়; কাৰ্যালয় ভাবনা । ইয়াত কাৰ্যালয়ৰ আলয় হয়, কাৰ্যালয়ৰ ৰেখাংকন হয় আৰু ইয়াতেই জনতা পাৰ্টীয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ পৰিকল্পনা কৰে । ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয় অন্য দলৰ বাবে ইটা, শিল, বালিৰে সজা ঘৰ হ’ব পাৰে, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ বাবে কোনো মন্দিৰতকৈ কম নহয় ।”

Exit mobile version