Diabetes : ডায়েবিটিছ হ’লে খোৱা-বোৱাৰ ক্ষেত্ৰত যথেষ্ট নিয়ন্ত্ৰণ কৰিব লাগে । তেজত শর্কৰাৰ মাত্রা নিয়ন্ত্রণত ৰাখিবলৈ নিয়ম মানি খাদ্য গ্ৰহণ কৰিব লাগে । কিন্তু জানেনে, কেৱল যথাযথ খাদ্য গ্ৰহণ কৰাই যথেষ্ট নহয়, ডায়েবিটিছ নিয়ন্ত্রণত ৰাখিবলৈ কোনবোৰ খাদ্য আগত, কোনবোৰ খাদ্য পাছত খাব লাগে, সেইটোও গুৰুত্বপূর্ণ । সেয়ে সঠিক ক্রমত খাদ্য খাব লাগিব । সাম্প্রতিক এটা গৱেষণা অনুযায়ী সঠিক ক্রমত খাদ্য খালে কেৱল মধুমেহ নহয়, বয়সজনিত বিভিন্ন উপসর্গও দূৰত থাকে ।
নিউ ইয়র্কৰ ৱেল কর্নেল মেডিকেল কলেজৰ সাম্প্রতিক এটা গৱেষণা অনুসৰি, সঠিক খাদ্য গ্ৰহণ কৰাৰ লগতে, কোন ক্রমত সেই খাদ্য খোৱা হৈছে, তাৰ উপৰতো নির্ভৰ কৰে তেজৰ শর্কৰাৰ মাত্রা । গৱেষকসকলৰ দাবী, খাদ্য গ্ৰহণ কৰাৰ সময়ত আৰম্ভণিতেই কার্ব’হাইড্রেট জাতীয় খাদ্য গ্ৰহণ কৰিলে, তেজত শর্কৰাৰ পৰিমাণ যিমান বাঢ়ে, তাৰ তুলনাত প্রথমে শাক-পাচলি আৰু প্র’টিনজাতীয় খাদ্য খালে বহুলাংশে কম থাকে তেজত শর্কৰাৰ মাত্রা ।
শতাংশ হিচাপে, শর্কৰাৰ পৰিৱৰ্তে প্র’টিন আৰু শাক-পাচলি প্রথমে খালে খোৱাৰ ৩০ মিনিট, ৬০ মিনিট আৰু ১২০ মিনিট পাছত তেজত শর্কৰাৰ মাত্রা কম থাকে যথাক্রমে ২৯, ৩৭ আৰু ১৭ শতাংশ । যথাযথ থাকে ইনছুলিনৰ মাত্রাও ।
কেৱল ডায়েবিটিছ নিয়ন্ত্রণত ৰখাই নহয়, খাদ্যই ক্রমে প্রভাৱ পেলাই বার্ধক্যজনিত বিভিন্ন সমস্যা, শৰীৰৰ ওজন আৰু হৰম’নৰ ভাৰসাম্যৰ উপৰতো । গৱেষকসকলৰ দাবী, প্র’টিন আৰু শাক-পাচলি প্রথমে খালে কার্ব’হাইড্রেট জাতীয় খাদ্যৰ আগতেই শৰীৰত যায় ফাইবাৰ । ফাইবাৰ লাহে লাহে পাচন হয় । ফলত পৰিপাকৰ গতি কমি যায় । ফলত কিছু দীর্ঘ সময় ধৰি কম জুইত ৰন্ধাৰ দৰে লাহে লাহে খাদ্য পাচন হয় ।
লগতে, হঠাৎ শৰীৰৰ শর্কৰাৰ মাত্রা বাঢ়ি যোৱাৰ শংকাও নাথাকে । এই পদ্ধতিত খাদ্য খালে শৰীৰৰ হৰম’নৰ ভাৰসাম্য নিয়ন্ত্ৰণত থকাৰ লগতে, প্রদাহ কমে । গাৰ ছালো ভালে থাকে । ফলত মুখমণ্ডলত বয়সৰ ছাপ কমকৈ পৰে । অৱশ্যে বিষয়টোৰ সন্দৰ্ভত আৰু গৱেষণাৰ প্ৰয়োজন বুলিও জনায় গৱেষকসকলে ।