Ratan Tata : ৰতন টাটাক ‘সেৱা ৰত্ন’ বঁটা প্ৰদান আৰএছএছ সমৰ্থিত সংগঠন ‘সেৱা ভাৰতী’ৰ

WhatsApp Image 2022 10 08 at 14.30.05

Ratan Tata : জনকল্যাণমূলক কামৰ স্বীকৃতি স্বৰূপ টাটা গোষ্ঠীৰ প্রাক্তন মুৰব্বী ৰতন টাটাক ‘শ্ৰেষ্ঠ ৰত্ন’ পুৰস্কাৰ প্রদান কৰিলে ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘৰ (আৰএছএছ) সমৰ্থিত সংগঠন ‘সেৱা ভাৰতী’য়ে । যদিও শুকুৰবাৰে এই বঁটা গ্রহণ কৰিবলৈ অনুষ্ঠানত উপস্থিত নাছিল ৮৪ বছৰ বয়সৰ ৰতন টাটা । তেওঁৰ অনুপস্থিতিৰ কাৰণ সম্পর্কে এই প্রতিবেদন লিখা পর্যন্ত জানিব পৰা হোৱা নাই । কিছুদিন পূৰ্বে, ‘পিএম কেয়াৰ্ছ ফাণ্ড’-ৰ ট্রাষ্টি হিচাপে মনোনীত কৰা হৈছে উদ্যোগপতিজনক ।

ৰতন টাটাৰ লগতে এই সন্মানেৰে বিভূষিত কৰা হৈছে চালছানি বাবু ৰাজেন্দ্র প্রসাদকো । ইয়াৰ উপৰি নিঃস্বার্থ সমাজসেৱাৰ বাবে ২৪ বিশিষ্ট ব্যক্তি আৰু প্রতিষ্ঠানকো এই সন্মান প্রদান কৰা হৈছে । বঁটা প্রদান অনুষ্ঠানত আছিল উত্তৰাখণ্ডৰ ৰাজ্যপাল গুৰমিত সিং । ‘সেৱা ভাৰতী’ৰ তৰফৰ পৰা এক বিবৃতিত কোৱা হৈছে, ‘‘নিঃস্বার্থ সমাজসেৱা আৰু সমাজ কল্যাণত অনুদান দিবৰ বাবে এই সন্মান প্রদান কৰা হৈছে ।’’

Exit mobile version