STATE UNIVERSITIES TO BE PAPERLESS IN ADMINISTRAVE WORK : প্ৰশাসনীয় কাম-কাজত কাগজবিহীন হ’ব ৰাজ্যিক বিশ্ববিদ্যালয়-মহাবিদ্যালয়

WhatsApp Image 2022 10 08 at 16.20.46

STATE UNIVERSITIES TO BE PAPERLESS IN ADMINISTRAVE WORK : অহা ১৫ অক্টোবৰৰ পৰা অসমৰ আটাইকেইখন ৰাজ্যিক বিশ্ববিদ্যালয়, চৰকাৰী আৰু প্ৰাদেশীকৃত সকলো মহাবিদ্যালয়ৰ প্ৰশাসনিক কাম-কাজ ‘ই’ ব্যৱস্থাৰে সম্পন্ন কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে । তাৰ পূৰ্বে এই সংক্ৰান্তীয় সকলো ব্যৱস্থা শিক্ষানুষ্ঠানসমূহক গঢ়ি তুলিবলৈ উচ্চ শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ জাৰি কৰিছে ।

উচ্চ শিক্ষা সঞ্চালক ধৰ্মকান্ত মিলিয়ে জাৰি কৰা নিৰ্দেশনাটোত ১৫ অক্টোবৰৰ পাছত কাৰ্যালয় সংক্ৰান্তীয় যিকোনো যোগাযোগত কাগজৰ ব্যৱহাৰ নকৰিবলৈও স্পষ্ট কৰি দিয়া হৈছে । ই-মেইল অথবা পিডিএফ নথিৰেহে সকলো যোগাযোগ কৰাৰ নিৰ্দেশনাও সঞ্চালকালয়ে দিছে । উল্লেখ্য যে অসম চৰকাৰে ‘ই-অফিচ’ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ লোৱা সিদ্ধান্তৰ অংশ হিচাপে উচ্চ শিক্ষা সঞ্চালকালয়ে এই পদক্ষেপ লৈছে ।

Exit mobile version