Assm Two congress Leader Resigns From Perty Office : কংগ্ৰেছৰ বিষয়বাব ত্যাগ প্ৰদেশ কংগ্ৰেছৰ দুই জ্যেষ্ঠ নেতাৰ

WhatsApp Image 2022 10 09 at 15.37.59

Assm Two congress Leader Resigns From Perty Office : প্ৰদেশ কংগ্ৰেছৰ বিষয়বাবৰ কৰা অব্যাহতি ল’লে কংগ্ৰেছৰ বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে । শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ দিয়া এক পত্ৰত উল্লেখ কৰে কংগ্ৰেছ সাংসদগৰাকীৰ । কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ?সহ আন দলীয় বিষয়বাবৰ পৰা পদত্যাগ কৰে সাংসগৰাকীয়ে ।
উল্লেখ্য যে সাংসদগৰাকীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী তথা লোকসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেক মুকলিকৈ সমৰ্থন কৰি তেওঁৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দলীয় নীতি অনুসৰি আগতিয়াকৈ বিষয়বাবৰ পৰা অব্যাহতি লয় বশলি টুইটযোগে এই কথা সদৰী কৰে ৷ আনহাতে কংগ্ৰেছ সাংসদ আব্দুল খালেকেৰ পাছত এইবাৰ কংগ্ৰেছৰ সকলো বিষয়বাবৰ পৰা অব্যাহতি ল’লে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা চামগুৰি সমষ্টিৰৰ বিধায়ক ৰকিবুল হুছেইনে । দেওবাৰে এই কথা সদৰি কৰে প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী উপ- দলপতি গৰাকীয়ে ৷ লক্ষণীয় যে সকলো বিষয়বাব এৰাৰ মূলতে হৈছে দলৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন ।

হুছেইনে জাতীয় কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দলীয় নিয়ম অনুসৰি আগতিয়াকৈ দলৰ সকলো পদবীৰ পৰা অব্যাহতি লয় । এই সম্পৰ্কত আজি চামগুৰিৰ বিধায়ক তথা এপিচিচিৰ উপ-সভাপতি গৰাকীয়ে পত্ৰ প্ৰেৰণ কৰে এপি চি চিৰ সভাপতি ভূপেন বৰালৈ। উল্লেখযোগ্য যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ দলীয় নিৰ্বাচনী অধিসূচনা অনুসৰি তেওঁ পদবীৰ পৰা পদত্যাগ কৰা বুলি সদৰি কৰে ৷

Exit mobile version