Ceiling Fan : হোষ্টেলত লোহাৰ বেৰৰে আৱৰা চিলিং ফেন ! আত্মহত্যা ৰোধ কৰিবলৈ নে দুর্ঘটনাৰ পৰা ৰক্ষা পাবলৈ ?

WhatsApp Image 2022 10 09 at 13.19.58

Ceiling Fan : ৰাজস্থানৰ কোটাৰ এটা হোষ্টেলৰ ছবিক লৈ সামাজিক মাধ্যমত সমালোচনা আৰম্ভ হৈছে । ভাইৰেল ছবিখনত দেখা গৈছে, এখন চিলিং ফেনৰ তলত লোহাৰ বেৰ দিয়া হৈছে । কিন্তু কি কাৰণত চিলিং ফেনৰ চাৰিওপাশ আৱৰি দিয়া হৈছে তাক লৈ একাধিক মত প্রকাশ্যত আহিছে ।

কোনো কোনোৰ দাবী, শিক্ষাৰ্থীসকলে যাতে হোষ্টেলত আত্মহত্যা কৰিব নোৱাৰে, তাৰ বাবে এই ব্যৱস্থা । অনেকে আকৌ সেই যুক্তি নাকচ কৰিছে । তেওঁলোকৰ যুক্তি, চিলিং ফেনত ৰছি লগাই আত্মহত্যা কৰাত বাধা দিব পৰা যাব, কিন্তু ফেনৰ তলত লগোৱা লোহাৰ বেৰত কোনোৱে আত্মহত্যা কৰিব নোৱাৰিব জানো ? তাত কেনেকে আত্মহত্যা ৰোধ কৰিব ?

 

একাংশ হোষ্টেল কর্তৃপক্ষৰ এই ধৰণৰ সিদ্ধান্তৰ সমালোচনা কৰিছে । তেওঁলোকৰ যুক্তি, এইটো যদি চিলিং ফেনত আত্মহত্যা ৰোধ কৰাৰ পন্থা হয়, তেনেহ’লে ইয়াতকৈ বেয়া সমাধান আৰু একো হ’ব নোৱাৰে ।

অৱশ্যে নেটিজেনৰ কিছু অংশ‌ই আকৌ দাবী কৰিছে, এইটো আত্মহত্যা ৰোধ কৰিবৰ বাবে নহয় । বহু সময়ত আবাসিকে হোষ্টেলৰ নানান প্ৰকাৰে ক্ষয়ক্ষতি কৰে । তাৰ ভিতৰত এটা হ’ল চিলিং ফেন । সেই ক্ষতি ৰোধ কৰিবলৈ এই ব্যৱস্থা ।

আকৌ কোনো কোনোৰ দাবী, চিলিং ফেন যাতে আবাসিকসকলৰ মূৰত নপৰে, সেই দুর্ঘটনা ৰোধ কৰিবলৈ এই ব্যৱস্থা কৰা হৈছে । এই ছবিক লৈ নানা ধৰণৰ মত, যুক্তিৰ উত্থাপন হ’লেও, প্ৰকৃত কাৰণ কি, সেয়া স্পষ্ট নহয় । অৱশ্যে বিষয়টো এতিয়া নেটিজেনৰ চর্চাৰ বিষয় হৈ পৰিছে ।

Exit mobile version