CPI Maoist Leader Usha Rnani Surrendered Before The Telengana Police : অস্ত্র ধৰি স্বপ্নপূৰণ নহয়, আত্মসমর্পণ মাওবাদী শীর্ষনেত্রী উষা ৰাণীৰ

WhatsApp Image 2022 10 09 at 14.21.11

CPI Maoist Leader Usha Rnani Surrendered Before The Telengana Police : অস্ত্র ধৰি স্বপ্নপূৰণ নহয়, আত্মসমর্পণ মাওবাদী শীর্ষনেত্রী উষা ৰাণী ওৰফে ভানু দিদিয়ে তেলেংগানা আৰক্ষী সঞ্চালক প্ৰধানৰ ওচৰত আত্মসমর্পণ কৰে ।  ৫৩ বছৰীয়া এই প্রাক্তন মাওবাদী নেত্রী গৰাকী বিজয়ক্কা আৰু পোচাক্কা নামেও পৰিচিত ।

দুৰ্ধৰ্ষ মাওবাদী  নেত্রীগৰাকীয়ে এটা বিবৃতিত জনাইছে, সশস্ত্র সংগ্রামৰ জৰিয়তে সমাজক সলনি কৰাৰ যি স্বপ্ন তেওঁ দেখিছিল, সেয়া বাস্তৱায়িত হোৱা নাই । তদুপৰি তেওঁৰ শৰীৰৰ অৱস্থাও ক্রমে বেয়া হৈছিল বুলি দাবী কৰিছে ।

প্রাক্তন মাওবাদী নেত্রীগৰাকীয়ে বিজ্ঞপ্তিতোত এইটোও দাবী কৰিছে যে, মাওবাদীসকলৰ তৰফৰ পৰা বস্তাৰৰ দায়িত্বপ্রাপ্ত নেতাক তেওঁৰ চিকিৎসা কৰিবৰ বাবে অনুৰোধ জনায় । কিন্তু আত্মগোপন কৰাকালীন সময়মতে কার্যত অসম্ভৱ বুলি তেওঁ জানিব পাৰি ২০১৯ত আত্মসমর্পণ কৰাৰ সিদ্ধান্ত লয় । জীৱনৰ বাকী সময় পৰিয়ালৰ সকলোৰে স’তে শান্তিত কটাব বিচাৰে বুলি জনাইছে উষা ৰাণীয়ে ।

প্ৰাপ্ত তথ্য মতে, তেলেংগানা আৰু ছত্তীছগঢ়ত একাধিক হিংসাত্মক কার্যকলাপৰ স’তে জড়িত আছিল প্রাক্তন মাওবাদী নেত্রী । আত্মগোপন কৰি থকাৰ সময়ত তেওঁৰ নেতৃত্বত অৰ্ধ সামৰিক বাহিনীৰ ওপৰত পাঁচটা আক্ৰমণ চলোৱা হয় । চৰকাৰী সম্পত্তি ধ্বংস কৰাৰ অভিযোগো আছে তেওঁৰ বিৰুদ্ধে ।

তেলেংগানা আৰক্ষী আৰক্ষী সঞ্চালক প্ৰধানমহেন্দ্র ৰেড্ডিয়ে উষা ৰাণীয়ে হিংসাৰ পথ এৰি মূলসুঁতিলৈ ঘূৰি অহা সিদ্ধান্তক আদৰণি জনাইছে । তেওঁ জনাইছে, সুস্থ জীৱন-যাপনৰ বাবে প্রাথমিকভাৱে ৫০ হেজাৰ টকা দিয়া হৈছে তেওঁক । পাছত চৰকাৰী নীতি অনুযায়ী তেওঁক আৰু টকা দিয়া হ’ব ।

Exit mobile version