Diwali : অযোধ্যাৰ লক্ষ্য অভিলেখ ! ১২ লাখ চাকি জ্বলিব দীপাৱলিত, তেলৰ যোগান ধৰিব যোগী চৰকাৰে

Ayodhya PTI10 26 2019 000111B

গিনিছ বুকত নাম অন্তৰ্ভুক্ত কৰিব বিচাৰে ৰাম জন্মভূমিয়ে । উত্তৰ প্রদেশ চৰকাৰৰ আশা, চলিত বছৰৰ দীপাৱলিতে সেই ইচ্ছা পূৰণ হ’ব । যোগী আদিত্যনাথৰ চৰকাৰে চলিত বৰ্ষত তেওঁলোকৰ ষষ্ঠতম দীপোৎসৱ পালন কৰিব অযোধ্যাত । প্রতিবাৰৰ দৰে এইবাৰো ৰাম কি পৈদি ঘাটৰ দুয়োপাৰত জ্বলিব লক্ষ লক্ষ মাটিৰ চাকি ।

অৱশ্যে অভিলেখ গঢ়াৰ লক্ষ্যত এইবাৰ ১২ লাখ মাটিৰ চাকি জ্বলোৱা হ’ব অযোধ্যাত । এই চাকি বহু সময়লেকে জ্বলি থাকিব । প্ৰাপ্ত তথ্য অনুসৰি, প্রয়োজন হ’লে মাটিৰ চাকিত অধিক তেল ঢালিবলৈও আপোচ নকৰে উত্তৰ প্রদেশ চৰকাৰে ।

অযোধ্যাত ইতিমধ্যে আৰম্ভ হৈছে দীপোৎসৱৰ প্রস্তুতি । ২৪ অক্টোবৰত কালীপূজা । ইয়াৰ পূৰ্বে ২২ অক্টোবৰৰ পৰা দেশজুৰি আৰম্ভ হ’ব দীপাৱলিৰ উৎসৱ । অযোধ্যাত যোগী চৰকাৰে দীপোৎসৱ পালন কৰিব ২৩ অক্টোবৰৰ সন্ধিয়া । ইতিমধ্যে ৰাম কি পৈদি ঘাটত লক্ষ্ণৌ, গোণ্ডা আৰু অযোধ্যা জিলাৰ বিভিন্ন প্রান্তৰ পৰা মাটি চাকি অনা হৈছে । বিগত বছৰৰ দীপোৎসৱত ন লাখ চাকি জ্বলোৱা হৈছিল । এইবাৰ সেই সংখ্যা আৰু তিনি লাখ বাঢ়িব । সেয়ে আগতীয়াকৈ প্রস্তুতি আৰম্ভ কৰা হৈছে ।

সংবাদ সংস্থা এএনআই-য়ে জনাইছে, চলিত বছৰত ৰাম জন্মভূমিত অন্তত আধাঘণ্টা চাকি জ্বলিব । ইয়াৰ পূৰ্বে চাকি জ্বলোৱাৰ কিছু সময়ৰ পাছতে নুমুৱাই দিবলগীয়া হৈছিল । লক্ষ লক্ষ চাকি জ্বলোৱা হয় সময় সাপেক্ষও । ফলত দ্রুত তেল শেষ হৈছিল চাকিৰ ।

প্ৰাপ্ত তথ্য অনুসৰি, চলিত বছৰত প্ৰতিটো চাকিত ৩০ মিলিলিটাৰৰ পৰিৱৰ্তে ৪০ মিলিলিটাৰ তেল দিয়া হ’ব । ফলত দীপোৎসৱৰ পোহৰ দীর্ঘস্থায়ী হ’ব বুলি ধাৰণা কৰিছে উত্তৰ প্রদেশ চৰকাৰে ।

Exit mobile version