Election Commission Freezes Siv Sena Symbal Name : শিৱসেনাৰ প্ৰতিক চিহ্ন ব্যৱহাৰত নিৰ্বাচন আয়োগৰ বাধাআৰোপ উদ্ধৱ-সিন্দে দুই গোটক

WhatsApp Image 2022 10 09 at 14.24.26

Election Commission Freezes Siv Sena Symbal Name : শিৱসেনা প্ৰতিক চিহ্ন ধনু আৰু কাড়ৰ দাবীক লৈ বিগত কেইবামাহো উদ্ধৱ থাকৰে আৰু একনাথ সিন্দে গোটে মহাৰাষ্ট্ৰৰ ৰাজনীতি গৰম কৰি থকাৰ মাজতে দুই গোটৰ দলীলৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন আয়োগে সদ্যহতে শিৱসেনা প্ৰতিক চিহ্ন ব্যৱহাৰত বাধাআৰোপ কৰে দুই গোটক৷

শণিবাৰে নিৰ্বাচন আয়োগে উদ্ধৱ থাকৰে আৰু একনাথ সিন্দেৰ নেতৃত্বক আন্ধেৰী পূব বিধানসভা উপ -নিৰ্বাচনত দলটোৰ নাম আৰু ইয়াৰ প্ৰতীক ব্যৱহাৰ কৰিবলৈ বাধা দিছিল। উল্লেখ্য যে মূল শিৱসেনাৰ নিৰ্বাচনী প্ৰতীকটো দীৰ্ঘদিন ধৰি ধনু-কাড় আছিল৷ যিটো দুয়োটা গোটে দাবী কৰি আহিছে। প্ৰণিধানযোগ্য যে মহাৰাষ্ট্ৰৰ আন্ধেৰী পূব বিধানসভা উপ-নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী একনাথ সিন্ধে গোটে প্ৰতীকটো আৱণ্টন বিচাৰি কাষ চাপিছিল নিৰ্বাচন আয়োগৰ ৷ কিন্ত আয়োগে শুনানি গ্ৰহণ কৰি দুয়োটা গোটৰ কোনোটোকে আন্ধেৰী পূব উপ-নিৰ্বাচনত দলটোৰ নাম ‘শিৱসেনা’ আৰু ইয়াৰ প্ৰতীক ‘ধনু আৰু কাড়’ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নহ’ব বুলি নিৰ্দেশনা জাৰি কৰে৷ । অৱশ্যে আয়োগে দুয়োটা গোটক প্ৰতীক আৱণ্টন কৰা হ’ব৷তাৰ পৰাই তেওঁলোকে নতুন প্ৰতিক চিহ্ন বাছনি কৰিব পাৰিব ৷

নিৰ্বাচন আয়োগে ধনু আৰু কাড় নিজৰ বুলি দাবী কৰা দুয়োটা প্ৰতিদ্বন্দী গোটক সোমবাৰৰ ভিতৰত অৰ্থাৎ ১০ অক্টোবৰৰ ভিতৰত তিনিটা নামৰ বিকল্পৰ লগতে তেওঁলোকৰ নিজ নিজ দলৰ বাবে এটা নতুন প্ৰতীকৰ পৰামৰ্শ দিবলৈ কোৱা হয় নিৰ্দেশনাটোত ।

উল্লেখ্যে যে একনাথ সিন্দেৰ নেতৃত্বত একাংশ বিধায়কে উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰৰ পৰা ফালৰি কাটি আহি বিজেপিৰ সৈতে মিত্ৰতা কৰি মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰাৰ পিছৰে পৰা দুয়োটা গোটৰ মাজত প্ৰকৃত শিৱসেনা কোন তাক লৈ চলি আছে বিতৰ্ক । আনহাতে মহাৰাষ্ট্ৰ বিধান পৰিষদৰ বিৰোধী দলপতি তথা উদ্ধৱ থাকৰে পন্থী আম্বাদাস দানৱে আয়োগ অন্তৱৰ্তীকালীন নিৰ্দেশনাক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, আয়োগৰ সিদ্ধান্ত আমাৰ প্ৰতি অন্যায় ৷ উপ-নিৰ্বাচনৰ বাবে আয়োগে অন্তৱৰ্তীকালীন সিদ্ধান্ত দিয়াৰৰ পৰিৱৰ্তে নিৰ্বাচনী সংস্থাটোৱে সামগ্ৰিক ভাৱে সিদ্ধান্ত ল’ব লাগিছিল । এনেক্ষেত্ৰত দুয়োটা গোটৰ মাজৰ বিবাদ আৰু দীঘলীয়া হোৱা যেন লাগিছে ৷ একেদৰে উদ্ধৱ থাকৰে তনয় আদিত্য থাকৰে আয়োগৰ সিদ্ধান্ত সন্দৰ্ভত কয়,মহাৰাষ্ট্ৰৰ মানুহে ইয়াক সহ্য নকৰিব৷ ক্ষোভৰ বহিঃপ্ৰকাশ হ’ব ৷

মনকৰিবলগীয়া যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে গোটে মহাৰাষ্ট্ৰৰ আন্ধেৰী পূব বিধানসভাৰ উপ-নিৰ্বাচনত তীৰ-কাড়ৰ চিহ্ন আৱণ্টন কৰিবলৈ দাবী জনাইছিল নিৰ্বাচন আয়োগক। নিৰ্বাচন আয়োগে শুক্ৰবাৰে বিষয়টোত উদ্ধৱ থাকৰে গোটক জাননী জাৰি কৰি শণিবাৰে দুপৰীয়া ২ বজাৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ কোৱা হৈছিল ।
আনহাতে আয়োগৰ এই ধৰণৰ সিদ্ধান্ত ইয়াৰ পূৰ্বে বিহাৰৰ লোক জনশক্তি পাৰ্টিৰ ক্ষেত্ৰত লোৱা দেখা গৈছিল ৷ লোক জনশক্তি পাৰ্টিৰ মাজত একে ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছিল ৷ যাৰ বাবে নিৰ্বাচন আয়োগে দলটোৰ নিৰ্বাচনী প্ৰতীক জব্দ কৰ পিছত দুয়োটা গোটক পৃথক চিহ্ন আৱণ্টন দিয়ে ।

মহাৰাষ্ট্ৰৰ আন্ধেৰী পূব বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে ইতিমধ্যে দিন কথা ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে। সমষ্টিটোৰ বাবে মনোনয়ন প্ৰক্ৰিয়া ৭ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈকে চলিব। ৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটদান। আনহাতে শেহতীয়া প্ৰাপ্ত তথ্য অনুসৰি এই বিষয়টোক লৈ একনাথ সিন্দে আৰু উদ্ধৱ থাকৰে গোটে কাষ চাপিছে উচ্চতম ন্যায়ালয়ৰ।

Exit mobile version