Mexico : বিষক্রিয়াত মেক্সিকোত অসুস্থ ৫৭ শিক্ষাৰ্থী ! একেই বিদ্যালয়ত দুসপ্তাহত তিনিবাৰ

WhatsApp Image 2022 10 09 at 20.46.15

Mexico : বিষক্রিয়াত অসুস্থ হৈ হাস্পাতালত চিকিৎসাধীন হৈছে একেই স্কুলৰ ৫৭ জন শিক্ষাৰ্থী । ঘটনাটো সংঘটিত হৈছে মেক্সিকোত । প্ৰাপ্ত তথ্য অনুসৰি, কি কাৰণত বিষক্রিয়া হ’ল পৰ্যবেক্ষণ কৰা হৈছে । ৫৭ জন শিক্ষাৰ্থীৰ বিষক্রিয়াৰ উপসর্গ লৈ হাস্পাতালত ভর্তি কৰোৱা হৈছে । তেওঁলোকৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক ।

অৱশ্যে স্থানীয় সংবাদমাধ্যমৰ প্রতিবেদনত দাবী কৰা হৈছে, অসুস্থ শিক্ষাৰ্থীসকলৰ শাৰীৰিক পৰীক্ষণ কৰাৰ পাছত অহা প্ৰতিবেদন অনুসৰি, ক’কেইন জাতীয় কোনো বস্তুৰ বাবে এই বিষক্রিয়া হৈছে । কিছুসংখ্যক শিক্ষাৰ্থীৰ শৰীৰত ক’কেইনৰ অস্তিত্বও পোৱা গৈছে বুলি প্রতিবেদনত দাবী কৰা হৈছে ।

প্রাথমিকভাধে শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলে সন্দেহ কৰিছিল যে, কোনো খাদ্য বা পানীৰ পৰা বিষক্রিয়া হ’ব পাৰে । কিন্তু প্রাথমিক পৰীক্ষাৰ পাছত অনুমান কৰা হৈছে, বিষক্রিয়াৰ কাৰণ ক’কেইনেই । প্রশ্ন হয়, বিদ্যালয়ত ক’ৰ পৰা ক’কেইন আহিল । কোনো মাদকচক্র কাম কৰি আছে নেকি বিদ্যালয়ত ?

দক্ষিণ মেক্সিকোৰ চিয়াপাছৰ এই বিদ্যালয়ত ইয়াৰ আগতেও দুবাৰ বিষক্রিয়াৰ বলি হৈছিল শিক্ষাৰ্থীসকল । দুসপ্তাহৰ ভিতৰত ইয়াকে লৈ তিনিবাৰ বিষক্রিয়াৰ বলি হ’ল শিক্ষাৰ্থীসকল । সম্প্রতি এই বিষক্রিয়াৰ ঘটনাৰ পাছত ক্ষোভ উজাৰিছে শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলে । বিদ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শনো কৰিছে ।

Exit mobile version