suspected drug peddler shot at kakapathar : ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি আছি যদিও একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে সংগোপনে অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহ ৷ এনে ঘটনাক্ৰমৰ মাজতে আজি তিনিচুকীয়া জিলাৰ চেঙাপথাৰত আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় এজন দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী ৷ নিহত সৰবৰাহকাৰীটো বিনোদ মৰাণ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷
উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা ড্ৰাগছ সৰবৰাহকাৰীটোৱে কাকপথাৰ আৰু উপকন্ঠ অঞ্চলত সংগোপনে চলাই গৈছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ৷ আৰক্ষীয়ে ড্ৰাগছ পেডলাৰটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া চিভিল হাস্পতাললৈ প্ৰেৰণ কৰিছে ৷
Police encounter in kakapathar : তিনিচুকীয়াৰ কাকপথাৰত আৰক্ষীৰ এনকাউণ্টাৰ
নিহত এজন ড্ৰাগছ সৰবৰাহকাৰী
