SEVERAL DELHI AREAS WATERLOGGED : প্ৰৱল বৃষ্টি পাতত জলমগ্ন দিল্লীৰ বহু অঞ্চল , স্তব্ধ হৈ পৰিছে জন জীৱন

WhatsApp Image 2022 10 09 at 18.06.56

SEVERAL DELHI AREAS WATERLOGGED ; দিল্লীত শনিবাৰে হোৱা প্ৰৱল বৰষুণত বহু অঞ্চল জলমগ্ন হৈ পৰিছে । ঠাই বিশেষে স্তব্ধ হৈ পৰিছে জন জীৱন ।ফলত ৰাজধানী চহৰখনত যান-জটে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । আজি ইণ্ডিয়া মেটেৰিঅজিকেল বিভাগে ( আই এম ডি) চহৰ খনত হোৱা প্ৰৱল বৰষুণত বহু অঞ্চল কৃত্ৰিম বানপানী ডুব যোৱাৰ কথা সদৰী কৰাৰ লগতে ধাৰাবাহিকভাৱে হৈ থকা বৰষুণে সমগ্ৰ চহৰ খনত পূৰ্বত তাপমাত্ৰা হ্ৰাস কৰা বুলিও উল্লেখ কৰে ।

অৱশ্যে সোমবাৰৰ ভিতৰত এই বৰষুণৰ পৰিমাণ কমাৰ সম্ভাৱনা আছে বুলি সদৰী কৰিছে দিল্লীৰ বতৰ বিজ্ঞান কেন্দ্ৰই । ইফালে ট্ৰেফিক বিভাগে জনোৱা অনুসৰি ,এই বৰষুণৰ ফলত চহৰ খনৰ এটা অংশৰ ক্ৰমে ধাউলা কৌন, নাজাফ গড় , নাৰায়না, ৰিং ৰোড , ত্ৰিমূৰ্ত্তি মাৰ্গ আদি অঞ্চল সমূহ কিছু সময়ৰ বাবে যোগাযোগ বিচ্ছিন্ন হৈ পৰে বুলি জানিবলৈ দিয়ে ।

একেদৰে আনন্দ বিহাৰ , ৱাজিৰাবাদ , দ্যা ৰোড ষ্ট্ৰিষ্টৰ মাজত অৱস্থিত আই এন এ আৰু এইমছ , মেহাৰুলি-বদৰপুৰ ৰোড , টুঘলাকবাদ , সংগম বিহাৰ , কিৰাৰি , ৰৌহটক ৰোড আদি অঞ্চল সমূহ কৃত্ৰিম বানপানীৰ কৱলত পৰাৰ লগতে বহু সময় ধৰি সকলো মানুহ নিজ নিজ ঠাইতে আৱদ্ধ হৈ পৰে । ইতিমধ্যে যান-বাহন আৰক্ষীয়ে  কৃত্ৰিম বানৰ কৱলত পৰা অঞ্চলবাসীক কোনো সমস্যাৰ সৃষ্টি নোহোৱাকৈ সকলো ভ্ৰমণ সূচী বাতিল কৰিবলৈ আহ্বান জনাইছে ।

Exit mobile version