ইৰানৰ হিজাব বিৰোধী আন্দোলনত নয়ডাৰ মহিলাই নিজৰ চুলি কাটি কৰিলে প্ৰতীকী প্ৰতিবাদ

WhatsApp Image 2022 10 10 at 14.03.36

ইৰানৰ হিজাব বিৰোধী আন্দোলনত এইবাৰ চামিল হ’ল নয়ডাৰ এগৰাকী মহিলা। বিশ্বজুৰি প্ৰৱাহিত হোৱা এই আন্দোলনত অনুপমা ভৰদ্বাজ নামৰ এই মহিলা গৰাকীয়ে নিজৰ চুলি কাটি এই আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়ায়।

ইতিমধ্যে মহিলা গৰাকীৰ এই প্ৰতিবাদী কাৰ্য সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগেই এতিয়া তেওঁ খবৰৰ শিৰোনাম দখল কৰা দেখা গৈছে । যোৱা ২২ ছেপ্টেম্বৰত হিজাব পৰিধান নকৰাৰ অপৰাধত ইৰানৰ মাছা আমিনি নামৰ যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰে দেশখনৰ আৰক্ষীয়ে । তেওঁক গাড়ীত তুলি আৰক্ষী থানালৈ লৈ যোৱা হয় । দুঘণ্টাৰ পাছতে মাছাৰ পৰিয়ালক জনোৱা হয় যে, হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হৈছে ।

অৱশ্যে মাছাৰ পৰিয়ালে অভিযোগ কৰে যে, তেওঁক হত্যা কৰা হৈছে । আৰক্ষীৰ অত্যাচাৰত যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলিও অভিযোগ উঠে । ইফালে মাছাৰ মৃত্যুৰ পাছতেই ইৰানত প্ৰতিবাদৰ অগ্নি জ্বলি উঠে ।দেশখনৰ কমেও ৫০ খন চহৰ আৰু গাঁৱত মহিলাসকলে হিজাব খুলি পুৰি পেলোৱাৰ লগতে নিজৰ চুলি কাটি প্ৰতিবাদ কৰা সাব্যস্ত কৰে । অৰ্থাৎ ইৰানৰ এই মহিলাসকলে ধৰ্মীয় গোড়ামীৰ বিৰোধিতা কৰাৰ লগতে দেশখনৰ প্ৰধান ধৰ্মীয় নেতা আয়াতোল্লা আলী খোমেইনিৰ তিনি দশকৰ শাসনৰ অৱসান ঘটাই মহিলাসকলে ধ্বনি দিয়ে ‘স্বৈৰাচাৰীৰ মৃত্যু বিচাৰো’ ।

এই ঘটনাক কেন্দ্ৰ কৰি কেৱল ইৰানতেই নহয় , সমগ্ৰ বিশ্বতে বিভিন্ন মানৱাধিকাৰ সংগঠন , নাৰী অধিকাৰ সংগঠনে এই ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । ভাৰততো একাধিক স্থানত ধৰ্মীয় মৌলবাদৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰা হয় । সেই প্ৰতিবাদত যোগ দি অনুপমাই ইৰানৰ নাৰীৰ স্বাধীনতাৰ সমৰ্থনত নিজৰ চুলি কাটি পূৰ্ণ সমৰ্থন আগবঢ়ায় ।

Exit mobile version