লোকসভাৰ ১৪৪খন হৃত আসন পুনৰুদ্ধাৰৰ বাবে মোদীয়ে ভৰসা বিজেপিৰ

Modi 1660588307191 1660588313506 1660588313506

আগন্তুক লোকসভা নিৰ্বাচনত পুনৰ ক্ষমতা দখলৰ বাবে এতিয়াৰে পৰা ৰণক্ষেত্ৰত জঁপিয়াই পৰিবলৈ সাজু হৈছে বিজেপি । ২০১৯ৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰিব নোৱাৰা ১৪৪খন আসনত দৃষ্টি নিৱদ্ধ কৰিছে বিজেপিয়ে । অৱশ্যে ইয়াৰ বাবে এতিয়াও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই দলৰ ভৰসা । মোদীক সন্মুখত থৈয়ে আগুৱাব বিচাৰিছে বিজেপি । ৪০ খন সভাত অংশগ্ৰহণ কৰিব পাৰে মোদীয়ে । এই ক্ষেত্ৰত ১৪৪ খন আসনত ৪০টা ক্লাষ্টাৰ (অঞ্চল)ত ভাঙি মোদীৰ দ্বাৰা প্ৰচাৰ চলোৱাৰ কৌশল গ্ৰহণৰ বাবে দলে প্ৰস্তুতি লৈছে । অৱশ্যে প্ৰধানমন্ত্ৰীয়ে কেতিয়া কোনখন সভাত অংশগ্ৰহণ কৰিব সেয়া ৰাজ্যসমূহৰ বিধানসভাৰ নিৰ্বাচন অনুযায়ী নিশ্চিত কৰা হ’ব ।

এই ৪০টা অঞ্চলৰ বাহিৰত বাকী থকা লোকসভা আসনসমূহৰ বাবে প্ৰভাস নামৰ প্ৰচাৰ অভিযানত অংশ ল’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলে । তদুপৰি বিধানসভা ভিত্তিক প্ৰচাৰত সম্পূৰ্ণৰূপে থাকিব বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু সংশ্লিষ্ট ৰাজ্যৰ শীৰ্ষ বিজেপি নেতাসকল ।

সূত্ৰত প্ৰকাশ যে প্ৰতিটো অঞ্চলৰ দায়িত্বপ্ৰাপ্ত নেতাসকলক প্ৰতিটো আসনক কেন্দ্ৰ কৰি প্ৰচাৰত নামিবলৈ নিৰ্দেশ দিছে দলে । ২০২৪ৰ লোকসভা নিৰ্বাচন পৰ্যন্ত প্ৰতিটো অঞ্চলত মাহে এখনকৈ প্ৰভাস অভিযান অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে দলে । এই ক্ষেত্ৰত তিনি মাহৰ ভিতৰত একোটা অঞ্চলৰ বা ক্লাষ্টাৰৰ প্ৰতিটো আসনত প্ৰভাস সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । প্ৰতিটো ক্লাষ্টাৰৰ দায়িত্বত থকা কেন্দ্ৰীয় মন্ত্ৰীসকলে এই নিৰ্দেশসমূহ পালন কৰি দলক প্ৰতিবেদন দাখিল কৰিব লাগিব । ইয়াত নিৰ্দিষ্ট আসনত কোনো ৰাজনৈতিক অথবা আন কোনো পদক্ষেপৰ প্ৰয়োজন হ’লেও এই বিষয়ে পৰামৰ্শ দিব পাৰিব ক্লাষ্টাৰৰ দায়িত্বপ্ৰাপ্তসকলে ।

তদুপৰি লোকসভা আসনভিত্তিত প্ৰভাৰী নিয়োগ কৰিছে দলে । তেওঁলোকে অঞ্চলত নিশা যাপন কৰিব লাগিব আৰু বৈঠকৰ সমান্তৰালভাৱে যোগাযোগ ৰক্ষা কৰিব লাগিব । প্ৰভাৰীসকলক জাতিভিত্তিক মৰ্চা গঠনৰ পৰামৰ্শ দিয়া হৈছে । একেদৰে ধৰ্মীয় স্থানলৈ যোৱাৰ সমান্তৰালভাৱে প্ৰতিটো ঘৰলৈ প্ৰচাৰ চলাব যাবলৈ নিৰ্দেশ দিছে ।

তদুপৰি সংশ্লিষ্টসকলৰ সেনা জোৱান, প্ৰতিবন্ধী আৰু প্ৰবাসী ভোটাৰৰ স’তে যোগাযোগৰ দায়িত্ব দিয়া হৈছে কেন্দ্ৰসমূহৰ প্ৰণালীসমূহক । দায়িত্বপ্ৰাপ্ত নেতাসকলে নিৰ্দিষ্ট সময়ত প্ৰতিবেদন দাখিল কৰিব লাগিব বুলি কেন্দ্ৰ‌ই নিৰ্দেশ দিছে । ইয়াত থাকিব অঞ্চলটোৰ পূৰ্বৱৰ্তী নিৰ্বাচনৰ পৰিসংখ্যা, জাতিগত সমীকৰণ, বিৰোধীৰ ত্ৰুটি, সংবাদ মাধ্যমৰ তালিকা, উৎসৱ-বজাৰ, স্থানীয় প্ৰভাৱশালীসকলৰ সম্পৰ্কে যাৱতীয় তথ্য যোগান ধৰিব দলীয় নেতৃত্ব‌ই ।

Exit mobile version