শিৱসাগৰত চৰকাৰী চিকিৎসা বিভাগৰ ফোপোলা স্বৰূপ

চিকিৎসক বিহীনভাৱেই চলিছে অধিকাংশ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ

IMG 20221010 WA0007

ৰাজ্য চৰকাৰে ৰাজ্যৰ চিকিৎসা বিভাগটোৰ উত্তৰণৰ কথা কৈ ঢাক-ঢোল বজালেও সেয়া আন্তঃসাৰশূণ্য আস্ফালনৰ বাহিৰে আন একো নহয় । চৰকাৰে বিভিন্ন স্থানত বহুকেইখন চিকিৎসালয় নিৰ্মাণ কৰি স্বাস্থ্যখণ্ডৰ আমূল পৰিৱৰ্তনৰ জয় ঢোল কোবোৱাৰ সময়তে শিৱসাগৰ জিলাৰ গৌৰীসাগৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ বহুকেইটা জনবহুল অঞ্চলৰ ৰাইজে প্ৰয়োজনীয় চিকিৎসা সেৱাৰ পৰা দীৰ্ঘদিনে বঞ্চিত হৈ অহাৰ গুৰুতৰ অভিযোগ উঠিছে ।

পৰিতাপৰ বিষয় যে শিৱসাগৰ আৰু যোৰহাট জিলাৰ সীমান্তৱৰ্তী খনামুখত বহুকইটা জনবহুল অঞ্চলক সামৰিলৈ ১৯৯২তে ইয়াৰ খনামুখত ৩০খন বিচনাযুক্ত এখন ব্যয়বহুল মডেল চিকিৎসালয় নিৰ্মাণ কৰিছিল । তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই আধাৰশিলা স্থাপন কৰা চিকিৎসালয়খনৰ সময়মতে চিকিৎসা গৃহকে ধৰি পাঁচটাকৈ অসম আৰ্হিৰ আৱাসগৃহ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত সুদীৰ্ঘ ৩০ বছৰৰ পাছতো ৰাজনৈতিক মেৰপেচত চিকিৎসালয়খন মুকলি নোহোৱাকৈয়ে হাবি-জংঘলৰ মাজত জহি-খহি গৈছে ।

অতি পিছপৰা অঞ্চলটোৰ জনসাধাৰণে বুজন অংকৰ গাঠিৰ ধন খৰচ কৰি ৰোগীক শিৱসাগৰ অথবা যোৰহাটৰ নগৰাঞ্চলত অৱস্থিত চিকিৎসালয়লৈ নিব লগা হয় ।

উল্লেখ্যনীয় যে ইয়াৰ গৌৰীসাগৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দুজন চিকিৎসকে দিনৰ ভাগত চিকিৎসা সেৱা আগবঢ়ালেও এক/ডেৰ বজাতে চিকিৎসালয় ত্যাগ কৰে । সংশ্লিষ্ট চিকিৎসকে উন্নতমানৰ আৱাসগৃহ নথকাৰ অজুহাতত ইচ্ছামতে গৃহামুখী হোৱাত চিকিৎসালয়ত বিয়লিতে মৰিশালিৰ নিস্তব্ধতাই বিৰাজ কৰে ।

তদুপৰি ঐতিহ্যমণ্ডিত চাৰিং অঞ্চলত স্বাধীনোত্তৰ কালতে প্ৰতিষ্ঠিত চাৰিং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো একেই অচলাৱস্থা । দুজন গ্ৰাম্য চিকিৎসকে সপ্তাহতোত তিনি/চাৰিদিন চিকিৎসাসেৱা আগবঢ়ালেও ১২ বজাতে গৃহামুখী হয় । জৰাজীৰ্ণ আৱাসগৃহত কোনো চিকিৎসক নিশা থাকিবলৈ অপৰাগ হোৱাত দৰিদ্ৰ জনসাধাৰণে অনিশ্চিত জীৱন অতিবাহিত কৰিব লগা হৈছে ।

জানিব পৰা মতে, চিকিৎসালয়খনত অদ্যপি এল’পেথিক চিকিৎসকৰ পদ নথকাত আয়ুৰ্বেদিক চিকিৎসকেহে চিকিৎসা সেৱা আগবঢ়ায় আহিছে । ইয়াৰ হাফলুটিং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিয়োজিত এজন ফাৰ্মাচিষ্ট আৰু দুগৰাকী নাৰ্ছৰ ওপৰতে জনসাধাৰণে ভৰসা কৰি চলিব লগা হৈছে । বহু কোটি টকা ব্যয় কৰি আঠটা চিকিৎসকৰ আৱাসগৃহ নিৰ্মাণ কৰিলেও ব্যৱহাৰ নোহোৱাকৈ এৰাবাৰীলৈ পৰিণত হৈছে ।

ইফালে, নৈপৰীয়া দিখৌমুখৰ ৰূপহীমুখ, মুকালনি, স’ৰাগুৰি, চিন্তামণিগড়, গটঙা, গোপালপুৰ, ভাচেলিমাৰী, খনাখোকোৰা আদি প্ৰায় ৪০খন গাঁৱৰ চিকিৎসা সেৱাৰ প্ৰাণকেন্দ্ৰ দিখৌমুখ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোনোমতে দুজন চিকিৎসক আছে যদিও আৱাসগৃহৰ অভাৱৰ অজুহাত দেখুৱাই নিশা নাথাকে । বিয়লি দুই বজাৰ পাছত জৰুৰীকালীন ৰোগীক ২০/২২ কিলোমিটাৰ দূৰত্বৰ শিৱসাগৰ নগৰৰ চিকিৎসালয়লৈ নিব লগা হয় ।ভিতৰুৱা অঞ্চলৰ পৰা ৰোগী চিকিৎসালয় পোৱাৰ আগতে অধিক সংকটজনক হৈ পৰে ।

উলেখ্য যে চিকিৎসা সেৱাৰ এনে ফোপোলা অৱস্থাৰ বাবেই যিকোনো সময়তে মাজুলিৰ প্ৰতিভাৱান শিল্পী তেজস্বীতাৰ দৰে আন কোনো লোকেও অকাল মৃত্যুক সাৱটি লোৱাৰ সম্ভাৱনা প্ৰকট |

Exit mobile version