এন এইচ পি চিত ভয়ানক ভূমিস্খলন

চপৰা-চপৰে খহিছে পাহাৰ, শ্লুইচ গেটলৈ যোৱা পথ বিচ্ছিন্ন

WhatsApp Image 2022 10 10 at 20.08.48

অৰুণাচল প্ৰদেশৰ পাহাৰত মূষলধাৰ বৰষুণ পৰিলেই উদ্বিগ্ন হৈ পৰে এন এইচ পি চি । ব্যাঘাত জন্মে যুদ্ধংদেহীভাৱে নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কামত । এন এইচ পি চিৰ সপোন পূৰণ হ’বলৈ দিবনে প্ৰকৃতিয়ে ? ২০০০ মেগাৱাট ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কিমান দূৰ সমীচিন ? অৰুণাচল প্ৰদেশৰ পাহাৰে বহন কৰিব পাৰিবনে প্ৰকল্প সম্পূৰ্ণ হ’লে ? উন্নয়নৰ নামত এয়া সচাঁকৈ অসমৰ বাবে হৈ পৰিব নেকি জলবোমা ? ইয়াক লৈ তীব্ৰ চৰ্চা অব্যাহত থকাৰ সময়তে ধাৰাবাহিকভাৱে প্ৰাকৃতিক অঘটনে শ’লঠেকক পেলাইছে এন এইচ পি চিৰ লগতে শাসনাধিষ্ট বৰ্তমানৰ বিজেপি চৰকাৰক ।

এটা সময়ত তদানীন্তন বিজেপি দলৰ কেন্দ্ৰীয় সভাপতি ৰাজনাথ সিঙে গোগামুখত আহি প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল বৃহৎ নদী বান্ধৰ বিৰুদ্ধে । কিন্তু এতিয়া লংকালৈ গ’লে ৰাৱন হোৱাৰ দৰে ৰাজনৈতিক সুৰ সলনি হ’ল বিজেপি কেন্দ্ৰীয় নেতাৰো । সলনি হ’ল সেই সময়ৰ নেতাৰ উদাত্ত ভাষণৰ সুৰ ।

জনজাতীয় নেতা হিচাপে বিধায়ক হোৱা ডাঃ ৰণোজ পেগুৰ সমৰ্থন সলনি হ’ল বান্ধ নিৰ্মাণক লৈ । সকলো বুজিও নিমাত বিধায়ক ভূৱন পেগু, সদ্য আছুত‌্যাগী আৰু বৰ্তমানৰ সাংসদ তপন গগৈৰ দৰে বহু বিধায়ক-মন্ত্ৰীৰ ।

মন কৰিবলগীয়া যে, গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বাৰিষাৰ কালছোৱাত কাম খৰতকীয়া কৰিবলৈ গৈ  ইটোৰ পাছত সিটো অঘটন প্ৰকল্পস্থীত । মূলবান্ধ নৌহওঁতেই বা শক্তি উৎপাদন ক্ষমতা গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈ নোঠাৰ আগতে ৰুষ্ট প্ৰকৃতিৰ ৰোষত প্ৰকল্প নিৰ্মাণ সংস্থা এন এইচ পি চি । মুঠ পাচঁটাকৈ সুৰংগ খহনীয়াত বন্ধ হৈ পৰিছে তিনিটা সুৰংগ ।

প্ৰ’টেকছন ৱাল, গাৰ্ড ৱাল খহি পাৱাৰ হাউছত পানী সোমাল । তাৰ পাছতো এন এইচ পি চিয়ে কয় বান্ধ সুৰক্ষিত । মিথ‌্যাচাৰ আৰু কিমান দিন ? বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনক আওকাণ আৰু ৰাইজৰ প্ৰৱল দাবীক অৱমাননা কৰি বৃহৎ নদী বান্ধ নিৰ্মাণ প্ৰকৃততে কাৰ স্বাৰ্থত ? সোৱণশিৰি অৱবাহিকাৰ থুনুকা বালি-শিলে গঢ়া গেৰুকামুখ পাহাৰত বৃহৎ নদী বান্ধ অমূলক বুলি জনাৰ পাছতো পূঁজিপতিৰ স্বাৰ্থত জলবোমা তৈয়াৰ কৰা বুলি ৰাইজে প্ৰতীয়মান হৈছে সম্প্ৰতি প্ৰকল্প বিসংগতিৰ পৰা ।

আজিও ভয়ংকৰ ভূমিস্খলনৰ ফলত বিচ্ছিন্ন শ্লুইচ গেটৰ পথ । চকুৰ আগত খহিছে চপৰা-চপৰে পাহাৰৰ অংশ । মুঠতে ভূতৰ ওপৰত দানৱ পৰাদি ধাৰাবাহিক ভূমিস্খলন অব্যাহত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত । তৎস্বত্ত্বেও বৰ্তমান শাসনাধিষ্ট চৰকাৰ আৰু এন এইচ পি চিৰ কৰ্তৃপক্ষই ক’ব বিচাৰে বান্ধ সুৰক্ষিত । সুৰক্ষিত নামনিবাসী । কিন্তু গেৰুকামুখৰ থুনকা পাহাৰখন সুৰক্ষিত নে ?

Exit mobile version