Balanced Diet : সুষম আহাৰ কি ? শৰীৰত সকলো ধৰণৰ খাদ্যৰ পুষ্টিগুণ পাবলৈ কি খাব ?

WhatsApp Image 2022 10 11 at 14.26.56

Balanced Diet : ডায়েট কৰিলে সুষম আহাৰৰ প্রয়োজন, এই কথা পুষ্টিবিদৰ পৰা আৰম্ভ কৰি সাধাৰণ মানুহ, সকলোৰে মুখত শুনা যা‌য় । কিন্তু সুষম আহাৰৰ সংজ্ঞা কি ? কোনো কোনোৰ মতে, চর্বিজাতীয় খাদ্য একেবাৰে খাব নোৱাৰিব । কোনোৱে কয়, অধিক প্র’টিন খোৱা ভাল । আকৌ অনেকৰ মতে, প্র’টিন, ভিটামিন, খনিজ, কার্ব, ‘গুড ফেট’ সমৃদ্ধ খাদ্যই ‘সুষম আহাৰ’ । খাদ্যতালিকাৰ পৰা একোকে সম্পূৰ্ণভাৱে বাদ নিদি, কম পৰিমাণে সকলো খোৱাই ভাল । ডায়েট সন্দৰ্ভত এনে ধৰণৰ বহু প্রচলিত কথা আছে, যিবোৰ প্ৰকৃততে

ভিত্তিহীন ।

১) ফল খালে তেজত শর্কৰাৰ মাত্রা বাঢ়ি যায়
যিসকলৰ ডায়েবেটিছ আছে, তেওঁলোকৰ উপৰিও, যিসকল স্বাস্থ্যক লৈ সচেতন, তেওঁলোকেও মিঠাজাতীয় খাদ্য খাব নিবিচাৰে । মিঠা মানে চেনি হ’ব পাৰে । মৌও কিন্তু মিঠা । কোনো কোনো ফলত শর্কৰাৰ পৰিমাণ অধিক থাকে । সেয়ে ফল খোৱা বেয়া নেকি ? ডায়েবেটিছ ৰোগীসকলৰ ক্ষেত্রত বিষয়টো সুকীয়া । কিন্তু ফল খালে কেতিয়াও ওজন নাবাঢ়ে । বৰঞ্চ ফলত থকা প্রাকৃতিক মিঠা ‘ফ্রুক্ট’ছ’ খোৱা শৰীৰৰ বাবে স্বাস্থ্যকৰ ।

২) কার্বহাইড্রেট খালে মেদ বাঢ়ে
অনেকৰ ধাৰণা ভাত-ৰুটি খালে মেদ বাঢ়ে । কিন্তু বাস্তৱত তাৰ কোনো ব্যাখ্যা নাই । অৱশ্যে পাউৰুটি, কেক, পেষ্ট্ৰি খোৱা অৱশ্যেই ক্ষতিকৰ । মনকৰিবলগীয়া যে, প্রতি দিনৰ খাদ্যতালিকাত কার্বহাইড্রেট নাথাকিলে শৰীৰৰ ক্ষতি হোৱা অস্বাভাৱিক নহয় ।

৩) ৰাতিপুৱাৰ আহাৰ নাখালে মেদ বাঢ়ে
শুই উঠি গধুৰ আহাৰ নাখালে ওজন বাঢ়ে । এই ধাৰণাৰো কোনো সঠিক যুক্তি নাই । কাৰণ, যিসকলে ইন্টাৰমিটেন্ট ফাষ্টিং কৰে, তেওঁলোক সকালোকে খাদ্য নাআবলৈ কোৱা হয় । ১২ৰ পৰা ১৬ ঘণ্টা তেওঁলোকে কোনো গধুৰ আহাৰ খাব নোৱাৰে ।

৪) চর্বিজাতীয় খাদ্য খাব নোৱাৰে
বিশেষজ্ঞসকলৰ মতে, প্রতি দিনে শৰীৰত সকলো যৌগৰ পুষ্টিগুণ উপলব্ধ কৰিবলৈ, অন্যান্য খাদ্যৰ লগতে কম পৰিমাণে স্নেহপদার্থও খাব লাগিব । বজাৰত ‘লো ফেট’ নামে পৃথককৈ যিবোৰ খাদ্য সামগ্ৰী বিক্রী হয়, সেইবোৰ নোখোৱাই ভাল ।

Exit mobile version