DAWOOD IBRAHIM : কুখ্যাত অপৰাধী ডাউদৰ ডি কোম্পানীৰ স’তে সম্পৰ্ক থকা পাঁচজনক আটক মুম্বাই আৰক্ষীৰ

swarajya 2019 07 58cdcf9d 1d35 407d 811a 736f0c678924 dawood ibrahim

DAWOOD IBRAHIM : কুখ্যাত অপৰাধী ডাউদ ইব্ৰাহিমৰ ডি ফাৰ্মৰ সৈতে ধন দাবীৰ গোচৰত জড়িত থকাৰ অভিযোগত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই মঙলবাৰে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ অপৰাধ শাখাৰ এণ্টি এক্সটৰ্চন চেলে তেওঁৰ ঘনিষ্ঠ সহযোগী চেলিম ফ্ৰুটক ধৰি ৰখাৰ কেইদিনমান পিছত গ্ৰেপ্তাৰ কৰিছিল পাঁচজনক।

উল্লেখ্য যে চেলিম ফ্ৰুট আৰু ৰিয়াজ ভাটি অন্ধকাৰ জগতৰ কুখ্যাত অপৰাধী ছোটা চাকিলৰ ঘনিষ্ঠ বন্ধু আছিল । ৬২ লাখ টকাৰ ধন দাবীৰ গোচৰত অভিযুক্ত ছোটা চাকিলৰ আত্মীয় চেলিম ফ্ৰুটক ১ অক্টোবৰত মুম্বাই অপৰাধ শাখাই আটক কৰি আদালতত হাজিৰ কৰে৷আদালতে ৬ অক্টোবৰলৈকে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ জিম্মাত দিয়ে ।

লক্ষণীয় যে ৩ আগষ্টত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)ই গ্ৰেপ্তাৰ কৰা ডাউদ ইব্ৰাহিমৰ বিশ্বস্ত সহযোগী ছোটা চাকিল চেলিম ফ্ৰুটৰ সম্পৰ্কীয় হয় ৷ স্মতৰ্ৱ্য যে মুম্বাই অপৰাধ শাখাৰ এণ্টি-এক্সটৰ্চন চেলে ২৬ ছেপ্টেম্বৰত ৰিয়াজ ভাটিক আন্ধেৰী ইষ্টৰ পৰা আটক কৰিছিল ৷

প্ৰাপ্ত তথ্য মতে ভাটি আৰু মুম্বাই আৰক্ষীৰ প্ৰাক্তন মুৰব্বী পৰম বীৰ সিং দুয়ো মুম্বাইৰ গোৰেগাঁও আৰক্ষী থানাত দাখিল কৰা এক ধন দাবীৰ গোচৰত অভিযুক্তC। এই গোচৰৰ পৰা সাময়িক সকাহ পাবৰ বাবে ভাটিয়ে অগ্ৰিম জামিনৰ বাবে মুম্বাইৰ এখন আদালতৰ কাষ চাপিছ যদিও আদালতে জামিন নাকচ কৰে ৷

Exit mobile version