Heat Wave : তাপপ্রবাহত কিছু দশকতেই বিপর্যস্ত হ’ব পৃথিৱী : প্ৰতিবেদন

WhatsApp Image 2022 10 11 at 15.40.38

Heat Wave :  বিশ্বৰ একাধিক স্থানত তাপপ্রবাহ ইমানে তীব্র হ’ব যে কার্যত ধ্বংসৰ সন্মুখীন হ’ব মানৱসভ্যতা, প্ৰতিটো জনবহুল অঞ্চল হৈ পৰিব বসবাসৰ অযোগ্য । এটা প্ৰতিবেদনত সোমবাৰে ৰাষ্ট্ৰসংঘ আৰু ৰেড ক্রছ ছ’চাইটিয়ে একজোঁট হৈ এই শংকাৰ কথা জনাইছে । সংস্থা দুটাৰ দাবী, হর্ন অৱ আফ্রিকা তথা আফ্রিকাৰ মূল মহাদেশীয় ভূখণ্ডৰ পূৱ অঞ্চল, উপকূলীয় অঞ্চল আৰু দক্ষিণ পশ্চিম এছিয়াত তাপপ্রবাহৰ প্রভাৱ সৰ্বাধিক পৰিব ।

ছোমালিয়া আৰু পাকিস্তানৰ দৰে দেশে এতিয়াই তাপপ্রবাহৰ সন্মুখীন হয়, ধাৰণা কৰা হৈছে ভৱিষ্যতে তেওঁলোকৰ দুর্ভোগ বাঢ়িব । পৰিৱেশৰ অৱক্ষয় আৰু তাপপ্রবাহৰ ফলত বৈষম্যৰ পৰা প্ৰাণহানী, সকলো প্ৰকাৰৰ শংকা আছে । ৰাষ্ট্ৰসংঘৰ মানৱ বিষয় সংক্রান্ত দপ্তৰৰ প্রধান মার্টিন গ্রিফিথছৰ মতে, তাপপ্রবাহ, খৰাং বা বানৰ দৰে পৰিস্থিতিত সৰ্বাধিক ক্ষতিগ্রস্ত হয় উন্নয়নশীল দেশসমূহ ।

ৰাষ্ট্ৰসংঘৰ মানৱ বিষয় সংক্রান্ত দপ্তৰ, ৰেড ক্রছ আৰু ৰেড ক্রিছেন্ট ছ’চাইটিৰ আন্তর্জাতিক সংগঠনৰ (আইএফআৰচি) তৰফৰ পৰা প্রকাশ কৰা এই গৱেষণামূলক প্ৰতিবেদনত কোৱা হৈছে, এতিয়াৰ পৰাই পদক্ষেপ গ্ৰহণ নকৰিলে আগন্তুক দিনত পৃথিৱীৰ তাপমাত্রা এনে পর্যায়ত পাব য’ত কোনো কাৰণতেই মানৱ জীয়াই থাকিব নোৱাৰিব । বিশেষকৈ ক্ষতিগ্রস্ত হ’ব উপকূল, দক্ষিণ আৰু দক্ষিণ-পশ্চিম এছিয়া ।

শিশু আৰু অন্তঃস্বত্ত্বা মহিলাসকলৰ ক্ষেত্রত প্ৰতিবেদনত দাবী কৰা হৈছে, জলবায়ু পৰিৱর্তন ৰোধ কৰিবলৈ যথাযথ পদক্ষেপ গ্ৰহণ নকৰিলে এই শতকৰ শেষত কৰ্কট বা সংক্রামক ব্যাধিৰ ফলত মৃত্যুৰ হাৰৰ লগতে তাপপ্রবাহত মৃত্যুৰ হাৰ বাঢ়িব । ইয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ পাঁচটা পদক্ষেপৰ প্রস্তাৱ দিছে ৰাষ্ট্ৰসংঘ আৰু ৰেড ক্রছে । সেইবোৰৰ ভিতৰত অন্যতম হ’ল, প্রৱল গৰমত মানুহক আশ্রয় দিবলৈ তাপনিৰোধক জৰুৰীকালীন আশ্রয়স্থলৰ ব্যৱস্থা কৰা ।

Exit mobile version