Iran Anti Hijab Protest : ইৰানত হিজাব বিৰোধী প্রতিবাদত এইবাৰ সংযুক্ত হ’ল তৈল শোধনাগাৰৰ কর্মচাৰী, তীব্ৰতৰ হৈছে আন্দোলন

WhatsApp Image 2022 10 11 at 18.02.03

Iran Anti Hijab Protest  : ক্রমে বনজুইৰ দৰে বিয়পিছে ইৰানৰ হিজাব বিৰোধী প্রতিবাদ । দেশৰ প্ৰতিটো কোনতে একনায়কতান্ত্রিক শাসক খামিনিৰ বিৰুদ্ধে গৰজি উঠিছে জনসাধাৰণ । যদিও ইৰানৰ প্রশাসনৰ দাবী, ইয়াৰ পিছত গভীৰ ষড়যন্ত্র আছে । আনহাতে, বৰ্ধিত প্রতিবাদ দমন কৰিবলৈ একাধিক চহৰত পদক্ষেপ গ্ৰহণ কৰিছে ইৰানৰ ফ’ৰ্চে ।

ইপিনে, ইৰানৰ হিজাব বিৰোধী প্রতিবাদত আবাদান আৰু কংগন তেল শোধনাগাৰৰ কর্মচাৰীসকলেও এইবাৰ যোগ দিছে । ইয়াৰ উপৰি বছেহাৰ পেট্ৰ’কেমিকেল প্রজেক্টৰ বহু কর্মচাৰীয়ে যোগ দিছে এই প্রতিবাদত । ফলত ধাৰণা কৰা হৈছে, ইৰানৰ ফ’ৰ্চৰ দমননীতি যিমানেই কঠোৰ নহ‌ওক কিয়, ক্রমে দলে দলে লোকে যোগ দি তাৰ শক্তি বৃদ্ধি কৰিছে । এই তৈল পৰিশোধন ক্ষেত্রৰ কর্মচাৰীসকলৰ হিজাব বিৰোধী এই প্রতিবাদত যোগ দিয়াৰ ঘটনা নিঃসন্দেহে ডাঙৰ ঘটনা । এই প্রতিবাদী সমদলৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈছে ।

উল্লেখ্য, ইৰানত হিজাব বিৰোধী প্রতিবাদত মাহাছা আমিনিৰ নাম শিৰোনামত । তাত মাহাছা আমিনিক গ্রেপ্তাৰৰ পাছত ইৰানৰ প্রশাসনিক হিফাজতত থকাকালীন মৃত্যু হোৱাৰ ঘটনাই দেশজুৰি প্রতিবাদৰ জুই জ্বলাইছে । ১৬ ছেপ্টেম্বৰৰ পৰা এই হিজাব বিৰোধী প্রৱল আন্দোলন আৰম্ভ হয় ইৰানত । ইৰানৰ নীতি আৰক্ষীৰ জালত পৰে মাহাছা । ইয়াৰ পাছত হিফাজতত থকাকালীন তেওঁৰ মৃত্যু হয় । পাছত অভিযোগ উত্থাপিত হয় ইৰানৰ কাৰাগাৰত তেওঁক মাৰধৰ কৰি হত্যা কৰা হয় ।

যদিও ইৰান প্রশাসনৰ দাবী, তদন্তত পাইছে যে মাহাছা অসুস্থ আছিল, সেয়ে তেওঁৰ মৃত্যু হয় । সমগ্ৰ ঘটনাক লৈ ইৰানত হৈ-চৈ আৰম্ভ হয় । বহু কিশোৰীৰ মৃত্যু হয় তাত । তাৰ বিৰোধিতাত সৰৱ হৈছে অনেকেই ।

Exit mobile version