Kamala Harris : আমেৰিকাত প্রথমবাৰ পৰমাণু অস্ত্রৰ ‘চাবি’ মহিলাৰ হাতত ! কেনেকে পাইছিল কমলা হেৰিছে ?

WhatsApp Image 2022 10 11 at 20.53.50

Kamala Harris : সাংকেতিক নাম ‘ফুটবল’ আৰু ‘বিস্কুট’ । প্ৰকৃততে আমেৰিকাৰ পৰমাণু অস্ত্রাগাৰৰ চাবি । সামৰিক পৰিভাষাত ‘নিউক্লিয়াৰ বটন’ নামে পৰিচিত সেই চাবি বিগত বছৰৰ ২১ নৱেম্বৰত গৈছিল কোনো মহিলাৰ হাতত । আমেৰিকাৰ ইতিহাসত প্রথমবাৰ ।

আমেৰিকাৰ কংগ্রেছক দিয়া বিবৃতিত ৰাষ্ট্ৰপতি জ’ বাইডেনে জনাইছে, সেই দিনা প্রায় ৮৫ মিনিটৰ বাবে দেশৰ সর্বোচ্চ পদত আছিল কমলা হেৰিছ । সেই সময়ত পৰমাণু অস্ত্রাগাৰৰ চাবিও আছিল উপ-ৰাষ্ট্ৰপতি হেৰিছৰ হাতত । সেই দিনা ক’লন’স্কপি কৰাবৰ বাবে এনাস্থেছিয়া দিয়া হৈছিল বাইডেনক । সেই সময়ৰ বাবে ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল হেৰিছে ।

সাধাৰণতে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কোনো সংগী নিৰাপত্তা বিষয়াৰ হাতত থাকে এটা ক’লা চামৰাৰ বেগ । তাৰ নাম ‘ফুটবল’ । তাৰ ভিতৰত থকা ব্লেকবুকত লিখা আছে বিশ্বৰ ক’ত ক’ত পৰমাণু অস্ত্র মোতায়েন কৰিছে ৱাছিংটনে । সেই পৰমাণু অস্ত্রগুবোৰৰ শক্তিৰ বিস্তাৰিত বিৱৰণো দিয়া আছে । ব্লেকবুকত এটা সৰু ফ’ল্ডাৰো আছে । পৰমাণু যুদ্ধত পৃথিৱী অথবা আমেৰিকা ধ্বংসৰ পথত গ’লে, দেশবাসীক উদ্দেশ্যি কি বার্তা দিয়া হ’ব তাৰ বিৱৰণ আছে তাত । পৰমাণু যুদ্ধৰ সময়ত ৰাষ্ট্ৰপতিক বিশ্বৰ কোন কোন ‘নিৰাপদ স্থান’ত লৈ যাব পাৰি তাৰো বিস্তাৰিত বিৱৰণ আছে এই ফ’ল্ডাৰত ।

আনহাতে, ফুটবলৰ ভিতৰত থকা পাঁচ ইঞ্চি দীঘল আৰু তিনি ইঞ্চি বহল এটা কার্ডক ‘গ’ল্ড ক’ডছ’ বা ‘বিস্কুট’ বুলি কোৱা হয় । তাৰ ভিতৰত আমেৰিকাৰ পৰমাণু অস্ত্রবোৰৰ ব্যৱহাৰৰ বাবে এটা বিশেষ ক’ড আছে । এই ক’ডবোৰৰ অবিহনে পৰমাণু অস্ত্র ব্যৱহাৰ কৰা সম্ভৱ নহয় । সেই ক’ড প্রথম হাতত পাইছিল ভাৰতীয় বংশোদ্ভূত হেৰিছে ।

Exit mobile version