LEOPARD CUBS :বঙাইগাঁও চাকলা চি কে মহাবিদ্যালয়ৰ পিছফালে উদ্ধাৰ লতামাকৰি বাঘৰ পোৱালি

WhatsApp Image 2022 10 11 at 21.25.23

LEOPARD CUBS : বঙাইগাঁৱত চাঞ্চল্য ৷ জিলাখনৰ চাকলাৰ ছি কে মহাবিদ্যালয়ৰ পিছফালে থকা ধাননি পথাৰত স্থানীয় গঞাই উদ্ধাৰ কৰে পাঁচটাকৈ লতামাকৰি বাঘৰ পোৱালি ৷ ইয়াকে লৈ গঞাৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷

অৱশ্যে স্থানীয় লোকসকলে পোৱালি কেইটাৰ কোনো হানিবিঘিণি নোহোৱাকৈ পুনৰ ধাননি পথাৰৰ নিদিষ্ট স্থানত এৰি থৈ আহে ৷ পোৱালি কেইটা যদি আজি নিশাৰ ভিতৰত মাকে লৈ নাযায় তেন্তে পুনৰ উঠাই লৈ আহি বন বিভাগৰ হাতত গতাই দিয়াৰ কথা ব্যক্ত কৰে এজন সচেতন গঞাই ৷

Exit mobile version