MAJULI : মাজুলীৰ ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ যাত্ৰীবাহী ফেৰী

WhatsApp Image 2022 10 11 at 16.27.08

MAJULI :মাজুলীৰ ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ এখন যাত্ৰীবাহী ফেৰী ৷ কমলাবাৰী ঘাটৰ পৰা নিমাতীঘাটলৈ গৈ থকাৰ পথত নদীৰ মাজত ইঞ্জিন বিকল হয় এছ পি চন্দ্ৰন নামৰ ফেৰী খন৷ সম্প্ৰতি ফেৰী খনৰ ব্ৰহ্মপুত্ৰৰ মাজৰ বালিচৰত ৰখোৱা হৈছে ৷ ফেৰী খনত আছিল ৪০ গৰাকী যাত্ৰী,২০ খন মটৰ চাইকেল আৰু দুখন চাৰিচকীয়া বাহন ৷

উল্লেখ্য যে আভান্তৰীন জল পৰিবহন বিভাগৰ অমনোযোগিতাৰ বাবেই ইয়াৰ পূৰ্বেও ব্ৰহ্মপুত্ৰৰ মাজত ইঞ্জিন বিকল হৈ আবদ্ধ হবলগীয়া হৈছিল বহু কেইখন ফেৰী৷ একাংশ জৰাজীৰ্ণ ফেৰীৰে অনা-নিয়া কৰা হয় কমলবাৰী আৰু নিমাতী ঘাটলৈ ফেৰী সেৱা ৷ যাত্ৰীৰ জীৱনক লৈ হেতালি খেলা ফেৰী সমূহক নিয়ন্ত্ৰণ কৰিবলৈ অক্ষমতা প্ৰকাশ কৰি আহিছে আভান্তৰীন জল পৰিবহন বিভাগ ৷

শেহতীয়া খবৰ অনুসৰি ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ থকা ফেৰীখনৰ যাত্ৰীসকলক নিৰাপদে অনাৰ বাবে অন্য এখন ফেৰী পঠিওৱাৰ ব্যৱস্থা কৰিছে জল পৰিবহন বিভাগে ৷

Exit mobile version