New Omicron Strains in China : চীনত অ’মিক্রনৰ নতুন ৰূপ !

পুনৰ আৰম্ভ হ'ব নেকি কৰ'নাৰ প্ৰকোপ ?

WhatsApp Image 2022 10 11 at 17.16.35 1

New Omicron Strains in China : সম্প্ৰতি কৰ’নাৰ প্ৰকোপ কমিছে । লাহে লাহে জনজীৱন স্বাভাৱিক অৱস্থাত ঘূৰি আহিছে । অনেকেই ভাবিছে, কৰ’নাৰ আতংক শেষ হ’ল । কিন্তু তাৰ মাজতেই হঠাৎ কৰ’নাৰ এটা ৰূপে উদ্বেগ বঢ়াইছে । এইটো কৰ’নাৰ ৰূপ অ’মিক্রনৰ এটা নতুন ৰূপ । ই চিন্তিত কৰিছে বিজ্ঞানীসকলক ।

কিয় এই নতুন ৰূপক লৈ চিন্তিত বিজ্ঞানীসকল ? অ’মিক্রনৰ নতুন ৰূপ বিএফ.৭ আৰু বিএ.৫.১.৭-ৰ সংক্রমণৰ হাৰ মাৰাত্মক বুলি ধাৰণা কৰিছে বিজ্ঞানীসকলে । বিজ্ঞানীৰ মতে, এই ৰূপৰ সংক্রমণৰ হাৰ অতি দ্ৰুত । দেওবাৰে অ’মিক্রনৰ এই নতুন ৰূপত ১৮৭৮ জন সংক্রমিত হৈছে ।

বিজ্ঞানীসকলৰ মতে, কৰ’নাৰ এই বিএফ.৭ ৰূপটো প্রথমে পোৱা গৈছিলে চীনৰ উত্তৰ ভাগত । তাৰ পাছত সেইটো লাহে লাহে দক্ষিণ দিশে বিয়পি পৰে । পাছত বিএ.৫.১.৭ ৰূপটো সমগ্ৰ দেশতে বিয়পি পৰে । ইয়াৰ সংক্রমণৰ হাৰ দেখি বিজ্ঞানীসকলৰ শংকা ই অতি শীঘ্ৰে চীনত সৰ্বাধিক হাৰত বিয়পি পৰা কৰ’নাৰ ৰূপ হ’ব পাৰে । বিজ্ঞানীসকলে দেশৰ চিকিৎসা ব্যৱস্থাক সতর্ক কৰিছে । এই নতুন ৰূপক বাধা দিবৰ বাবে দ্রুত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে ।

কিয় ইয়াক লৈ ইমান উদ্বেগ ? বিজ্ঞানীসকলে দীর্ঘ দিন ধৰি কৈ আহিছে, কৰ’নাৰ নতুন এটা ৰূপ অহা মানেই, কৰ’নাৰ বিৰুদ্ধে টিকা কিমান কার্যকৰ হ’ব, ই মানুহৰ শৰীৰত কেনেদৰে প্রভাৱ পেলাব, ইয়াৰ বিৰুদ্ধে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা কিমাধ কার্যকৰ হ’ব— সকলোখিনিক লৈ সন্দেহ থাকি যাব ।

কেৱাল সেয়াই নহয়, এই নতুন ৰূপে হাওঁফাওঁ বা শ্বাসনালী সংক্রমণৰ বাহিৰে আৰু কোনো ক্ষতি নকৰে, তাক লৈ সন্দেহ থাকি যায় । সেয়ে যিকোনো এটা নতুন ৰূপেই বিজ্ঞানীসকলৰ বাবে চিন্তাৰ বিষয় হৈ পৰিব পাৰে । সেয়ে বিজ্ঞানীসকলে সম্প্ৰতি ইয়াৰ ওপৰত চোকা দৃষ্টি ৰাখিব ।

Exit mobile version