RANGIA FAKE ANTI CORRUPTION OFFICER ARRESTED : ৰঙিয়াত আটক দুৰ্নীতি নিবাৰক শাখাৰ ভুৱা বিষয়া

WhatsApp Image 2022 10 11 at 19.30.12

RANGIA POLICE ARRESTED IN 3 FAKE ANTI CORRUPTION OFFICER : এশ গৰু মাৰিলে বাঘৰো মৰণ৷এই আপ্ত বাক্যশাৰী প্ৰযোজ্য হ’ল তিনি যুৱকৰ ক্ষেত্ৰত ৷ দুৰ্নীতি নিবাৰক শাখাৰ ভুৱা বিষয়াৰ পৰিচয়ৰে চুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ গৈ আৰক্ষী জালত পৰে তিনিযুৱক ৷ ধৃত যুৱক কেইজন হ’ল নিতুল আলী,দিদাৰ হুছেইন আৰু ইকবাল হুছেইন ৷ AS15-AC 5782 নম্বৰৰ চুপাৰি ভৰ্তি এখন ছয়গাঁৱৰ সোণতলীৰ পৰা ৰঙিয়া অভিমুখে আহি থকা পথত নিজকে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি পৰিচয় দি ট্ৰাকখন জব্দ কৰে উল্লিখিত তিনি যুৱকে ৷

পিছত এই বিষয়ে ৰঙিয়া আৰক্ষীয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ যুৱক কেইজনক জেৰা কৰাত উৰহী গছৰ ওৰ ওলাই পৰে৷ আচলতে তিনি যুৱক মহাপ্ৰৱঞ্চক ৷ আৰক্ষীয়ে আটকাধীন তিনিওজনৰ স’তে ট্ৰাক খনত অহা আফআল আলী,নুৰ ইছলাম আৰু মহম্মদ আলী নামৰ তিনিজন যুৱকক আটক কৰে ৷

উল্লেখ্য যে চুপাৰি ভৰ্তি ট্ৰাকখনৰ বৈধ নথিপত্ৰ থকাৰ পিছতো চালকক ভয়-ভাবুকি দি ট্ৰাকখন জব্দ কৰি ধন আহৰণ কৰাৰ অভিপ্ৰায় আছিল
দুৰ্নীতি নিবাৰকৰ ভুৱা বিষয়া বুলি পৰিচয় দিয়া যুৱক তিনিজনৰ ৷

Exit mobile version