Y CHANDRACHUD TO BE NEXT CHIEF JUSTICE OF THE INDIA : দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ৱাই চন্দ্ৰচূড়

WhatsApp Image 2022 10 11 at 20.08.28

Y CHANDRACHUD TO BE NEXT CHIEF JUSTICE OF THE INDIA : উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ৰূপে ডি ৱাই চন্দ্ৰচূড়ৰ নাম প্ৰস্তাৱ কৰিলে বৰ্তমানৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতে । আজি সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলৰ  বৈঠকত আনুষ্ঠানিকভাৱে তেওঁৰ উত্তৰসুৰীৰ নাম প্ৰস্তাৱ কৰি কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ অৰ্পণ কৰে।

অহা নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ ললিতে। মুখ্য ন্যায়াধীশ ৰূপে এন ভি ৰামান্নাৰ অৱসৰৰ পাছত যোৱা ২৭ আগষ্টত দেশৰ মুখ্য ন্যায়াধীশৰূপে ললিতে শপথ গ্ৰহণ কৰে। নিয়ম অনুযায়ী দেশৰ মুখ্য ন্যায়াধীশে অৱসৰ গ্ৰহণৰ পূৰ্বে পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ নাম ঘোষণা কৰে। ফলত দেশৰ মুখ্য ন্যায়াধীশৰ আসনত চন্দ্ৰচূড় বহাৰ সম্ভাৱনা প্ৰকট হৈছে।
দেশৰ ৪৯ তম মুখ্য ন্যায়াধীশ হৈছে ইউ ইউ ললিত। যোৱা তিনি অগোষ্টত তেওঁ মুখ্য ন্যায়াধীশৰ দায়িত্ব লয়। চলিত বৰ্ষৰ নৱেম্বৰত তেওঁ অৱসৰ লোৱাৰ কথা । ফলত অহা ন নৱেম্বৰৰ পৰা দেশৰ মুখ্য ন্যায়াধীশ ৰূপে দায়িত্ব গ্ৰহণ কৰিব পাৰে চন্দ্ৰচূড়ে। তেওঁৰ কাৰ্যকালৰ ম্যাদ হব দুবছৰ।

১৯৯৮ ত দেশৰ অতিৰিক্ত চালিছিটৰ জেনেৰেল আছিল ন্যায়াধীশ চন্দ্ৰচূড় । ২০১৩ ত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰিছিল । বম্বে উচ্চ ন্যায়ালয়ৰ সতেও জড়িত আছিল তেওঁ । ২০১৬ ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে নিয়োজিত হয়।

Exit mobile version