মেদিনীপুৰত ফটকা বনোৱা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ

BOM BLAST FIRE CRACKER FACTORY ILLEGAL PANSKURA : কিশোৰ-মহিলা সহ দুজনৰ মৃত্যু, আহত পাঁচ

WhatsApp Image 2022 10 12 at 15.07.07 3

BOM BLAST FIRE CRACKER FACTORY ILLEGAL PANSKURA : প্ৰতিবেশী ৰাজ্য পশ্চিমবংগত অঘটন ৷ দীপান্বিতালৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ প্ৰতি লক্ষ্য ৰাখি ফটকা বনোৱা কাৰখানা সমূহ হৈ উঠিছে সক্ৰিয় ৷ দিনে নিশাই শ্ৰমিক সকলে ফটকা বনোৱাত ব্যস্ত হৈ থকাৰ মাজতে ৰাজ্যখনৰ মেদিনীপুৰ জিলাত মঙলবাৰে নিশা এটা অবৈধ ফটকা বনোৱা কাৰখানাত সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণত
এজন কিশোৰ সহ দুগৰাকী লোক থিতাত নিহত হোৱাৰ বিপ আহত হয় পাঁচজনকৈ শ্ৰমিক ৷

ৰাজধানী চহৰ কলকাতাৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ নিলগৰ মেদিনীপুৰ জিলাৰ পাঞ্চকুৰা অঞ্চলত সংঘটিত হয় এই বিস্ফোৰণ ৷ স্থানীয় আৰক্ষীয়ে সদৰি কৰা মতে ফটকা কাৰখানাটোৰ স্বত্বাধিকাৰী শ্ৰীকান্ত ভক্তৰ ফটকা বনোৱাৰ অনুজ্ঞাপত্ৰ আছিল যদিও এবছৰ পূৰ্বেই ম্যাদ উকলি গৈছিল ৷ অনুজ্ঞাপত্ৰ নৱীকৰণ নকৰাকৈ অবৈধভাৱে ফটকা প্ৰস্তত কৰি বাসগৃহৰ এটা অংশত মজুত কৰি ৰাখিছিল ৷

উল্লেখ্য যে ভয়ংকৰ বিস্ফোৰণত ঘৰটোৰ এটা অংশ সম্পূৰ্ণৰূপে বিধস্ত হয় ৷ ইতিমধ্যে আৰক্ষী ঘটনাস্ উপস্থিত হৈ ঘৰটোৰ চৌহদত থকা ফটকাৰ চেম্প সংগ্ৰহ কৰি আৰম্ভ কৰিছে তদন্ত ৷ স্থানীয় লোকে সংবাদ মাধ্যমক প্ৰকাশ কৰা মতে সংঘটিত হোৱা বিস্ফোৰণৰ পিছতে লোক সকল কিংকৰ্তব্যবিমূঢ় হৈ কাৰখানাটোৰ স্থানলৈ দৌৰি আহি প্ৰত্যক্ষ কৰে যে কাৰখানাটোৰ মজিয়াত এগৰাকী কিশোৰ আৰু মহিলা সহ সাত লোক তেজেৰে তুমুৰলি হৈ পৰি আছে ৷ লোকসকলে ততাতৈয়াকৈ হাস্পতাললৈ নিয়াৰ প্ৰয়াস কৰোতেই কিশোৰটিৰ মৃত্যু হোৱাৰ বিপৰীতে স্বৰ্ণলতা ভক্ত নামৰ মহিলাগৰাকীৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে ৷ সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আন পাঁচজন লোক ৷

Exit mobile version