ALLAHABAD HIGH COURT JUDGEMENT : মুছলমানৰ দ্বিতীয় বিবাহক লৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

WhatsApp Image 2022 10 12 at 18.38.49 1

ALLAHABAD HIGH COURT JUDGEMENT : প্ৰথমা পত্নী থকাৰ পিছতো দ্বিতীয় বিবাহ কৰাৰ সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰদান কৰে এক গুৰুত্বপূৰ্ণ ৰায় ৷ প্ৰথমা পত্নীৰ ইচ্ছা নাথাকিলে তেওঁৰ স’তে দ্বিতীয় পত্নী ৰাখিবলৈ দিব নোৱাৰিব হেঁচা প্ৰয়োগ ৷ আজিজুৰ ৰহমান নামৰ লোক এজনে দ্বিতীয় বিবাহ কৰাই দ্বিতীয় পত্নীক একেলগে ৰখাৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ এখন আদালৰ কাষ চাপিছিল
২০১৫ বৰ্ষৰ ৷ কিন্ত আদালতৰ পৰা যোগাত্মক সহাৰী নাপায় এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপে ৷ ন্যায়ালয়ৰ দুজনীয়া খণ্ড পীঠৰ ন্যায়াধীশদ্বয় ক্ৰমে ৰাজেন্দ্ৰ কুমাৰ আৰু সূৰ্য প্ৰকাশ কেশৰবাণীয়ে শুনানি গ্ৰহণৰ অন্তত ৰায়দান দি কয়, প্ৰথমা পত্নী থকাৰ পিছত দ্বিতীয় বিবাহ কৰালে তেওঁৰ স’তে দ্বিতীয় পত্নী ৰাখিবলৈ হেঁচা প্ৰয়োগ কৰিব নোৱাৰিব ৷

উল্লেখ্য যে আজিজুৰ ৰহমান নামৰ লোকজনে প্ৰথমা পত্নী থকাৰ পিছতো গোপনে দ্বিতীয় বিবাহ কৰে ৷ ইয়াকে লৈ প্ৰথমা পত্নী আশ্ৰয় লয় পিতৃগৃহত ৷ পৰৱৰ্তী সময়ত দ্বিতীয় পত্নী ৰখাৰ বাবে আদালতত কাষ চাপিছিল আজিজুৰ ৷ স্মতৰ্ৱ্য যে ইছলামিক আইন অনুসৰি মুছলমানলোকে দ্বিতীয় বিবাহ কৰাৰ অধিকাৰ আছে ৷

Exit mobile version