COVID-19 : ক’ভিডৰ নাকত দিয়া টিকা পৰীক্ষাত অসফলতা !

উদ্বিগ্ন অক্সফ'র্ড-এষ্ট্ৰাজেনেকা

WhatsApp Image 2022 10 12 at 16.52.04

COVID-19 : অক্সফ’র্ড বিশ্ববিদ্যালয় আৰু ব্রিটেইনৰ ঔষধ প্রস্তুতকাৰী সংস্থা এষ্ট্ৰাজেনেকাই প্ৰস্তুত কৰা নেজাল স্প্রে ক’ভিড-টিকাৰ প্রথমবাৰ মানৱ দেহত পৰীক্ষা (হিউমেন ক্লিনিকেল ট্রায়েল) ব্যর্থ হৈছে ।

ইবায়’মেডিচিন জাৰ্নেলত প্রকাশিত এটা প্ৰতিবেদন উদ্ধৃত কৰি সংবাদ সংস্থা ৰয়টাৰ্ছে জনাইছে, নাকত স্প্রে কৰাৰ জৰিয়তে দিয়া টিকাৰ মাধ্যমত কৰ’নাভাইৰাছ সংক্রমণ প্রতিৰোধত প্রত্যাশিত সাফল্য পোৱা নাই ।

ক’ভিড-১৯ সংক্রমণ প্রতিৰোধত দ্রুত টিকাকৰণ কাৰ্যসূচী আগুৱাই লৈ যোৱাৰ উদ্দেশ্যত ‘নেজাল ড’জ’ উৎপাদনৰ বাবে গৱেষণা আৰম্ভ কৰিছিল অক্সফ’র্ড বিশ্ববিদ্যালয় আৰু এষ্ট্ৰাজেনেকাই । অৱশ্যে ‘হিউমেন ক্লিনিকেল ট্রায়েল’ত অংশগ্রহণকাৰী স্বেচ্ছাসেৱকসকলৰ ক্ষেত্রত দেখা গৈছে, সাধাৰণ কৰ’না টিকাতঐ ‘নেজাল ড’জ’ দুর্বল ।

লগতে, পৰীক্ষাত অংশগ্রহণকাৰীসকলৰ একাংশৰ ভিতৰত মিউক’চেল এন্টিবডি প্রতিক্রিয়াৰ সন্ধান পাইছে গৱেষকসকলে । যি অবাঞ্ছিত । প্রসংগত, ভাৰতসহ বিভিন্ন দেশত ইতিমধ্যে নাকত স্প্রে কৰা ক’ভিড-টিকাৰ ব্যৱহাৰ আৰম্ভ হৈছে । চলিত বছৰৰ ফেব্রুৱাৰীত, নাকত দিয়া কৰ’না টিকা বজাৰত মুকলি কৰিছিল মুম্বাইৰ ঔষধ প্রস্তুতকাৰী সংস্থা গ্লেনমার্কে । সেই প্রতিষেধক প্রাপ্তবয়স্কসকলৰ বাবে ব্যৱহাৰৰ অনুমোদন দিয়া হৈছিল ।

যোৱা ছেপ্টেম্বৰচ ‘ড্রাগছ কন্ট্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়া’ই (ডিচিজিএ) ভাৰত বায়’টেকে প্ৰস্তুত কৰা নাকত লোৱা কৰ’না টিকা উৎপাদন আৰু প্রাপ্তবয়স্কসকলৰ বাবে ব্যৱহাৰৰ অনুমতি দিয়ে । বিভিন্ন দেশত নাকত স্প্রে কৰা ক’ভিড-টিকাৰূপে অনুমোদন পাইছে ৰাছিয়াই প্ৰস্তুত কৰা প্রতিষেধক স্পুটনিক ভি-ৰ ‘নেজাল ড’জ’এ ।

Exit mobile version