DIABETES CONTROL TIPS : কোনবিধ পাতৰ ৰসে ডায়বেটিছ ৰোগ নিয়ন্ত্ৰণ কৰে : জানিবলৈ পঢ়ক —

WhatsApp Image 2022 10 12 at 13.53.01

DIABETES CONTROL TIPS : ডায়বেটিছ ৰোগ কেতিয়াও নিৰ্মূল নহয় , ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰি । ডায়বেটিছ ৰোগ মানেই যেন দৈনিক ঔষধ সেৱন কৰা আৰু খাদ্যৰ ওপৰতো বহুখিনি বাধ্যবাধকতা আহি পৰে । আমি জানো যে, এই ৰোগে মানুহৰ কিডনি,হৃদপিণ্ড আদিত ক্ষতি কৰে ।

আমি সকলোৱে জানো যে, দৈনিক ঔষধ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক । চিকিৎসা বিজ্ঞানে দাবী কৰিলেও ইয়াৰ পাৰ্শ্বক্ৰিয়া নথকা নহয় । তেনেক্ষেত্ৰত আজিকালি মানুহে প্ৰাকৃতিক পদ্ধতিৰে বিভিন্ন ৰোগ সমূহ প্ৰতিৰোধ কৰা পৰিলক্ষিত হৈছে ।

ডায়বেটিছৰ দৰে ঘাতক ৰোগক কিছু ঘৰুৱা উপায় অৱলম্বন কৰি নিয়ন্ত্ৰণত ৰাখিব পাৰি । বিশেষকৈ বিশ্ব স্বাস্থ্য সংস্থা ( ডব্লিউ এইচ অ’) –এ বিশ্বৰ এক হাজাৰ বনজ সম্পদক ঔষধ হিচাপে বিবেচনা কৰিছে । যিবিলাক বিভিন্ন ৰোগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় । ইয়াৰে এবিধ হ’ল চিৰতা তিতা। যি ডায়বেটিছ ৰোগ নিয়ন্ত্ৰণ কৰি ৰাখে বুলি প্ৰমাণিত হৈছে ।

চুগাৰ ৰোগীৰ বাবে এই চিৰতা গছৰ পাত, শিপা বা গা-গছৰ পৰা উলিওৱা ৰসে তেজৰ চুগাৰ নিয়ন্ত্ৰণ কৰি ৰাখে । ইয়াত থকা বায়’এক্টিভ যৌগই এণ্টি ডায়বেটিক হিচাপে কাম কৰে লগতে ইয়াত হাইপোগ্লাইচেমিক বৈশিষ্ট্য আছে বাবে ডায়বেটিক ৰোগীয়ে সেৱন কৰিলে স্বাভাৱিকতে শৰীৰত ইনচুলিন তৈয়াৰ কৰি মেটাবলিজম শক্তিশালী কৰে ।

চিৰতা পাত বা মূল বহুতো পুষ্টিগুণেৰে ভৰপূৰ এবিধ বন ঔষধিযুক্ত গছ । ই শৰীৰত ইনচুলিক বৃদ্ধি কৰি তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰে । ইয়াৰ এণ্টিফ্লেমেটৰি বৈশিষ্ট্যৰ বাবে অণ্ডাশয়ৰ কোষ ক্ষতিগ্ৰস্ত হোৱাৰ পৰা ৰক্ষা পৰে ।

এতিয়া কথা হ’ল এই চিৰতা পাত বা মূল আপুনি কিদৰে আৰু কেতিয়া সেৱন কৰিব । বিশেষজ্ঞসকলে দাবী কৰিছে যে, ডায়বেটিছ ৰোগীসকলে এই পাত বা মূলৰ পৰা ৰস উলিয়াই পুৱা খালি পেটত খালে বেছি উপকাৰ পায় ।
বি: দ্ৰ: ওপৰোক্ত নিৱন্ধটো বিশেষজ্ঞৰ তথ্যৰ ওপৰত আধাৰিত যদিও ইয়াক ঔষধ হিচাপে সেৱন কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয় ।

Exit mobile version