Jeera Water : ঘৰত জিৰা থাকোতে ওজন কমাবলৈ জিমত যাব কিয় ?

WhatsApp Image 2022 10 12 at 13.17.04

Jeera Water :  বুফেত খাবলৈ গ’লে বহু সময়ত নিজৰ সাধ্যৰ বাহিৰত খোৱা হয় । অধিক ভোজন কৰিলে বহু সময়ত পাছদিনা পর্যন্ত পেট ভাৰি হৈ থাকে । তেতিয়া ঘৰুৱা উপায় হ’ল জিৰা তিয়াই থোৱা পানী । কোনো কোনোৱে আকৌ গোটা জিৰা চোবাই, লগত কম পৰিমাণে পানী খাবলৈ কয় । এই ঘৰুৱা উপায়ে কিন্তু সঁচাকৈয়ে জাদুৰ দৰে কাম কৰে । জিৰাৰ পানীয়ে পেটৰ ৰোগৰ পৰা মুক্তি দিয়াৰ লগতে কিন্তু ওজন কমোৱাতো সহায় কৰে ।

জিৰাৰ পানী খালে আৰু কি কি উপকাৰ হয় ?

১) হজমত সহায়ক
প্রতিদিনে পুৱা এগিলাছ জিৰাৰ পানীয়ে আপোনাৰ পৰিপাকতন্ত্রৰ সামগ্রিক উন্নতি কৰি হজমশক্তি বৃদ্ধি কৰে । পেটৰ যাৱতীয় সমস্যা যেনে অম্বল, গেষ্ট্ৰিক, বদহজম, পেট ফোলা সমস্যা সমাধান কৰে জিৰাই ।

২) অস্বাস্থ্যকৰ খাদ্যৰ প্ৰতি আসক্তি কমায়
মন প্রাণ দি ডায়েট মানি খোৱা-বোৱ কৰিলেও মাজে-মাজে বাহিৰা খাদ্য খাবলৈ মন যায় । সেই ক্ষেত্রত জিৰাৰ পানী খুব ভাল । বাহিৰলৈ ওলাই যোৱাৰ আগত এগিলাছ জিৰাৰ পানী খাই ওলাব, পেট ভৰি থাকিব আৰু বাহিৰত খাবলৈ মন নাযাব ।

৩) বিপাকহাৰ বঢ়োৱাত সহায় কৰে
জিৰাৰ পানীত প্রচুৰ পৰিমাণে এন্টি-অক্সিডেন্ট আছে । হজমৰ সমস্যা থাকিলে যে জিৰাৰ পানী উপকাৰী, সেই কথাতো জানেই । সর্বোপৰি পেট ঠিক থাকিলে, তাৰ প্রভাৱ পৰে আপোনাৰ বিপাক হাৰৰ ওপৰত ।

Exit mobile version