LANDSLIDES IN ARUNACHAL PRADESH : অৰুণাচলৰ লেলেকৰ ৰাষ্ট্ৰীয় ঘাই পথত ভয়াৱহ ভূমিস্খলন

পথত আবদ্ধ বহু যান-বাহন

WhatsApp Image 2022 10 12 at 13.01.36

LANDSLIDES IN ARUNACHAL PRADESH : চুবুৰীয়া পাৰ্বত্য ৰাজ্য অৰুণাচলত যোৱা তিনিদিন ধৰি অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত বহু অঞ্চলৰ স্বাভাবিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে ৷ যোৱা নিশাৰে পৰা হৈ থকাধাৰাসাৰ বৰষুণৰ বাবে লেলেকৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ানক ভূমিস্খলন সংঘটিত হয় ৷ পাহাৰৰ পৰা খহি পৰা শিল- মাটিয়ে পুতি পেলায় পথছোৱা ৷

কথমপি ৰক্ষা পৰে পথেদি আলোলৈ গৈ থকা কেইবাখনো যাত্ৰীবাহী চাৰিচকীয়া বাহন ৷ বিধস্ত পথটোৰ দুয়োফালে আবদ্ধ হৈ  পৰিছে বহু বাহন ৷ পথছোৱা মুকলি কৰাৰ ক্ষেত্ৰত এই পৰ্যন্ত ৰাজ্যখনৰ গড় কাপ্তানি বিভাগৰ বিষয়া- কৰ্মচাৰী উপস্থিত নথকাৰ অভিযোগ কৰিছে পথত আবদ্ধ হৈ পৰা লোকসকলে ৷ শীৰ্ঘে পথছোৱা মুকলি নকৰিলে পথত আবদ্ধ হৈ পৰা লোকসকল খাদ্য সংকটত পৰাৰ লগতে আন বহু বিপদৰ সম্ভাৱনা নুই কৰাব নোৱাৰি ৷

Exit mobile version