Phone Bhoot : ‘ফোন ভূত’-ৰ প্রথম গীত ‘কিন্না ছ’না’, প্রকাশ্যত টিজাৰ, ৰঙা অৱতাৰত দৃষ্টি আকৰ্ষণ কৰিছে কেটৰিনাই

WhatsApp Image 2022 10 12 at 18.41.10

Phone Bhoot : মুক্তিৰ অপেক্ষাত এক্সেল এন্টাৰটেইনমেন্টৰ (Excel Entertainment) ‘ফোন ভূত’ (Phone Bhoot) । অভিনয় কৰিছে কেটৰিনা কাইফ (Katrina Kaif), ইশান খট্টৰ (Ishaan Khatter), সিদ্ধান্ত চতুর্বেদীয়ে (Siddhant Chaturvedi) । হ’ৰৰ-কমেডিৰ এই ছবিৰ ট্রেইলাৰে ইতিমধ্যে বেচ সমাদৰ লাভ কৰিছে দর্শকসকলৰ । এইবাৰ প্রকাশ্যত আহিল ছবিৰ প্রথম গীতৰ টিজাৰ । নতুন অৱতাৰত দেখা গ’ল কেটৰিনাক ।

প্রকাশ্যত ‘কিন্না ছ’না’ৰ টিজাৰ
দর্শকসকলৰ উৎসাহ বঢ়াই এইবাৰ প্রকাশ্যত আহিল ‘কিন্না ছ’না’ (Kinna Sona) গীতৰ টিজাৰ । গীতৰ দৃশ্যায়নে ইতিমধ্যে বেচ জনপ্ৰিয়তা লাভ কৰিছে । প্রসংগত, ট্রেইলাৰ মুকলি অনুষ্ঠানত এই গীতটো মিডিয়া আৰু উপস্থিত অনুৰাগীসকলক ছাৰপ্রাইজ হিচাপে দেখুওৱা হৈছিল কেৱল ।

টনিষ্ক বাগচীয়ে লিখা আৰু প্ৰস্তুত কৰা, জাৰা-টনিষ্কে গোৱা এই গীতটি বিশেষ প্রেক্ষাপটত শ্বুট কৰা হৈছে । ৰঙা পোছাকত দৃষ্টি আকৰ্ষণ কৰিছে অভিনেত্রীয়ে । কেটৰিনাৰ পর্দাত লাস্যময়ী উপস্থিতিয়ে দর্শকক আৰু আকৃষ্ট কৰিব ।

ছবিখনৰ ট্রেইলাৰ মুক্তি পোৱা দিনাখনেই ইউটিউবত প্ৰথম নম্বৰত ট্রেণ্ডিং আছিল । মাত্র ২৪ ঘণ্টাত ভিউজ ৩০ মিলিয়ন অতিক্ৰম কৰে । ১০ অক্টোবৰত মুক্তিপ্রাপ্ত ট্রেইলাৰত কেটৰিনাক ভূতৰ চৰিত্রত দেখা যায় । তেওঁৰ স’তে দুই ‘ভূত বাষ্টাৰ’ অর্থাৎ ভূত ধৰা ব্যক্তিৰ স’তে তেওঁ কথা পাতে । এই চৰিত্রত অৱশ্যে সিদ্ধান্ত আৰু ইশান । এই তিনিজনে একলগে ব্যৱসায় আৰম্ভ কৰে, ইয়াৰ পাছতে এটাৰ পাছত এটা সাংঘাতিক, মজাৰ, কৌতুকেৰে ভৰা ঘটনা ঘটি থাকে ।

ট্রেইলাৰত ‘আত্মা ৰাম’ৰ অভিনয়ত জেকি শ্রফক দেখা যাব । ইয়াৰ উপৰি ট্রেইলাৰত ‘হকিকত’, ‘গলি বয়’, ‘ক’ই মিল গয়া’ৰ দৰে একাধিক জনপ্রিয় হিন্দী ছবিৰ প্রসংগ আছে ।

গুৰমিত সিং পৰিচালিত, ৰবি শংকৰণ আৰু জছবিন্দৰ সিং বাথে লিখা, ‘ফোন ভূত’ মুক্তি পাব চাৰি নৱেম্বৰ, ২০২২ত ।

Exit mobile version