PUGILLIST LOVLINABORGOHAIN,ANKUSHITA BORA BAG GOLD NATIONAL GAMES : ৰাষ্ট্ৰীয় ক্ৰীড়াত উজ্জ্বলিল দুগৰাকী অসম কন্যা

লাভলীনাৰ-অংকুশিতাৰ স্বৰ্ণজয়

WhatsApp Image 2022 10 12 at 16.04.08

PUGILLIST LOVLINA BORGOHAIN,ANKUSHITA BORA BAG GOLD NATIONAL GAMES : গুজৰাটত অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ বক্সিঙত অসমলৈ একেদিনাই আহিল দুটাকৈ স্বৰ্ণ ৷ ৬৩-৬৬ কিলোগ্ৰাম শাখাত আজি অনুষ্ঠিত হোৱা মহিলা বক্সিঙত এই সোনৰ পদক লাভ কৰে অংকুশিতা বড়োৱে। একেদৰে ৭০-৭৫ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক লাভ কৰে লাভলীনা বৰগোঁহাইৰ।

উল্লেখ্য যে হাৰিয়ানাৰ চুইটীক ৫-০ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণজয় কৰে লাভলীনা বৰগোহাঁইয়ে আৰু মণিপুৰৰ এলিনা থাওনাওজামক পৰাভূত কৰি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় অংকুশিতাই।

Exit mobile version