Rahul Gandhi : ৰাহুলৰ ফিটনেছ চেলেঞ্জ ! ৰাজপথত প্ৰতিযোগিতা, সংগ দিলে এজন সাংসদ, প্রাক্তন মন্ত্রীয়ে, জয়ী কোন ?

WhatsApp Image 2022 10 12 at 14.00.19 1

Rahul Gandhi : ‘ভাৰত জ’ৰ’ যাত্রাত এইবাৰ ৰজপথত প্ৰতিযোগিতাত নামিল ৰাহুল গান্ধী । তেওঁক “পুছ-আপ” কৰাৰ প্ৰত্যাহ্বান জনাইছিল এজন স্থানীয় কিশোৰে । ৰাহুলে সেই প্ৰত্যাহ্বান গ্রহণ কৰে । তাৰ পাছত মাজপথতেই কিশোৰজনৰ স’তে “পুছ-আপ” কৰে ।

যাত্রাৰ কাৰ্যসূচী অনুযায়ী সম্প্ৰতি ৰাহুল কর্নাটকত আছে । ‘ভাৰত জ’ৰ’ যাত্রাৰ এই পর্বত ৰাহুলৰ স’তে আছে কর্নাটকৰ কংগ্রেছ প্রধান তথা প্রাক্তনমন্ত্রী ডিকে শিৱকুমাৰ, দলৰ সাধাৰণ সম্পাদক তথা ৰাজ্যসভাৰ সাংসদ কেচি বেণুগোপাল, কর্নাটকৰ প্রাক্তন মুখ্যমন্ত্রী ছিদ্দাৰামাইয়া । ৰাহুলৰ স’তে ফিটনেছৰ প্রমাণ দিয়াৰ প্রতিযোগিতাত অংশ লয় শিৱকুমাৰ আৰু বেণুগোপালে । সেই প্ৰত্যাহ্বানৰ বিভিন্ন মুহূর্তৰ দৃশ্য লৈ এটা ভিডিঅ’ টুইটাৰত প’ষ্ট কৰিছে কংগ্রেছে ।

ভিডিঅ’ত এজন স্থানীয় কিশোৰৰ কান্ধত হাত থৈ খোজকঢ়া দেখা গৈছে কংগ্রেছ নেতাক । ইয়াৰ পাছত কিশোৰজনে টিছার্টৰ হাত উঠাই পেশীৰ জোৰ দেখুৱায় ৰাহুলক । ইয়াৰ পাছতেই তেওঁ ৰাহুলক পুছ আপ কৰাৰ প্রতিযোগিতাত আহ্বান কৰে । ৰাহুলেও তাতে অংশ লয় । ৰাজপথত কিশোৰজনৰ স’তে পুছ-আপ কৰা দেখা যায় ৰাহুল, শিৱকুমাৰ আৰু বেণুগোপালক । যদিও কংগ্রেছৰ মুখপাত্র ৰণদীপ সিং সূৰযেৱালাই সেই সময়ৰ এটা ছবি প’ষ্ট কৰি জনায়, একমাত্র ৰাহুলৰ পুছ-আপেই যথাযথ আছিল । বাকীসকল ৰণদীপৰ কথাত ‘হাফ পুছ-আপ’ কৰিছে ।

পুছ-আপ কৰাৰ প্রতিযোগিতাত প্রথমতেই পৰাজিত হয় শিৱকুমাৰ । সৰ্বাধিক সময় পুছ-আপ কৰে বেণুগোপালে । ৰাহুলক পুছ-আপ সমাপ্ত কৰি কিশোৰজনৰ স’তে হাত মিলোৱা দেখা যায় । যোৱা সাত ছেপ্টেম্বৰৰ পৰা তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা ‘ভাৰত জ’ৰ’ যাত্রা আৰম্ভ কৰিছে ৰাহুলে । তাৰ পাছত আহিছে কর্নাটকত । এই পর্বত ‘ভাৰত জ’ৰ’ যাত্রাৰ কে’বাটাও মুহূর্ত প্রকাশ্যত আহিছে । কিছু দিন পূৰ্বে যাত্রাত যোগ দিয়া ছোনিয়া গান্ধীৰ জোতাৰ খুলি যোৱা ফিটা বান্ধি দিয়া দেখা গৈছিল ৰাহুলক।

ইয়াৰ পূৰ্বে ১৮ ছেপ্টেম্বৰত হৰিপাড়ত একেদৰে যাত্রাত অংশ লোৱা এগৰাকী ১১ বছৰীয়া কিশোৰীৰ জোতাৰ ফিটা বা‌ন্ধি দিয়া দেখা গৈছিল তেওঁক । অৱশ্যে ৰাহুলে প্রথমবাৰ পুছ-আপৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে তেনে নহয় । ইয়াৰ পূৰ্বেও ২০২১ত এজন কলেজীয়া ছাত্রৰ পুছ-আপৰ প্ৰত্যাহ্বান গ্রহণ কৰিছিল ৰাহুলে ।

Exit mobile version