SEARCH FOR AN ALTERNATIVE PLANET ON EARTH : পৃথিৱীৰ বিকল্প গ্ৰহৰ সন্ধান ! চন্দ্ৰত থাকিব পাৰিব ৮০০ কোটি মানুহ

WhatsApp Image 2022 10 12 at 15.23.44

SEARCH FOR AN ALTERNATIVE PLANET ON EARTH : বিভিন্ন সময়ত দীৰ্ঘদিনৰ পৰা বহু বিশেষজ্ঞই দাবী কৰি আহিছে যে, পৃথিৱী ক্ৰমে ধ্বংসৰ মুখলৈ গতি কৰিছে । ইয়াৰ কোনো উপযুক্ত যুক্তি-প্ৰমাণ নাই যদিও মানুহ কিন্তু চন্দ্ৰৰ বুকুত বহু বছৰৰ পূৰ্বেই ভৰি পেলাইছে । বিজ্ঞানীসকলৰ দাবী যে , পৃথিৱীৰ বিকল্প হিচাপে চন্দ্ৰত মানুহ জীয়াই থাকিব পাৰিব ।
ইয়াৰবাবে বিজ্ঞানীসকলে অন্তৰীক্ষত স্পেছ ষ্টেশ্যন স্থাপন কৰি মহাকাশত অসংখ্য অভিযান আৰম্ভ কৰিছে । তথাপি মহাকাশক লৈ মানুহৰ উৎসাহ যেন কমা নাই । আনকি মঙল গ্ৰহতো বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিছে বহু অনুসন্ধান ।

এইবাৰ চন্দ্ৰৰ বুকুত অক্সিজেন তৈয়াৰ কৰাৰ বাবে বিজ্ঞানীসকলে কৰিছে বহু পৰীক্ষা । চলিত মাহত নাছা আৰু অষ্ট্ৰেলিয়ান স্পেছ এজেন্সিয়ে এক চুক্তি স্বাক্ষৰিত কৰি একেলগে চন্দ্ৰত অক্সিজেন উৎপাদন কৰাৰ চিন্তা আৰম্ভ কৰিছে । চন্দ্ৰৰ পাথৰৰ পৰাই শ্বাসযোগ্য অক্সিজেন তৈয়াৰ কৰাৰ দিশে আগবাঢ়িছে এই দুই সংস্থাই ।
চন্দ্ৰৰ বায়ুমণ্ডল খুবেই পাতল । হাইড্ৰজেন , নিয়ন আৰু অৰ্গেনৰ পাতল এটি স্তৰ চন্দ্ৰত আছে । য’ত অক্সিজেনৰ মাত্ৰা পোৱা হোৱা নাই । কিন্তু বিজ্ঞানীসকলে দাবী কৰিছে যে, চন্দ্ৰত অক্সিজেন আছে যদিও বায়ুৰ অৱস্থাত নাই । চন্দ্ৰপৃষ্ঠত অক্সিজেন পাথৰ আৰু ধুলিৰ মাজত বিয়পি আছে । এতিয়া কথা হ’ল, এই অৱস্থাত অক্সিজেন গেছক কেনেকৈ নিষ্কাশন কৰিব পাৰি আৰু নিষ্কাশন কৰিব পাৰিলেই চন্দ্ৰত মানুহ থকাটোও সম্ভৱ হৈ পৰিব ।

আমাৰ চৌপাশত অনেক খনিজ পদাৰ্থত অক্সিজেনৰ অস্তিত্ব আছে । পৃথিৱীৰ দৰে চন্দ্ৰতো এই একেধৰণে মাটি-পাথৰ আদিত অক্সিজেন মজুত হৈ আছে । আনকি এই উপগ্ৰহত উল্কাপিণ্ডৰ পৰিমাণৰ লগতে ছিলিকা, এল্যুমিনিয়াম ,লোহা আৰু মেগনেছিয়াম অক্সাইডৰ পৰিমাণো বেছি । বিজ্ঞানীসকলে দাবী কৰিছে যে, এই সকলোবোৰতে অক্সিজেন মজুত হৈ আছে । কিন্তু মানুহৰ শ্বাস-প্ৰশ্বাসৰ উপযোগী হৈ থকা নাই । পাথৰ, ধুলিকণা আদি বিভিন্ন ৰূপত চন্দ্ৰত এই খনিজ পদাৰ্থ পোৱা গৈছে । বছৰ বছৰ ধৰি চন্দ্ৰপৃষ্ঠত হৈ থকা উল্কাপিণ্ডৰ বাবেই এই পদাৰ্থৰ সৃষ্টি হৈছে বুলিও বিজ্ঞানীসকলে দাবী কৰিছে ।

বিজ্ঞানীসকলৰ মতে, চন্দ্ৰত ৪৫ % অক্সিজেন আছে । বিভিন্ন পদাৰ্থত মজুত হৈ থকা অক্সিজেনক নিষ্কাশন কৰিব পাৰিলেই নিশ্চিতভাৱে ইয়াত মানুহ জীয়াই থকাটো সম্ভৱ হ’ব । বিজ্ঞানীসকলে কৈছে যে, ইলেকট্ৰোলাইচিছৰ সহায়ত এইটো সম্ভৱ হ’ব পাৰিব । বহুতে হয়তো এই পদ্ধতিৰ নাম শুনা নাই । পৃথিৱীত এল্যুমিনিয়াম উৎপাদনৰ বাবে এই পদ্ধতি প্ৰয়োগ কৰা হয় । অৰ্থাৎ অক্সিজেনত থকা এল্যুমিনিয়ামক বেলেগ কৰিবলৈ এই পদ্ধতি ব্যৱহাৰ কৰা হয় । এই পদ্ধতিত বায়’প্ৰডাক্ট বা উপজাত হিচাপেই অক্সিজেন তৈয়াৰ কৰা হয় । তেনেক্ষেত্ৰত চন্দ্ৰত অক্সিজেন উৎপাদন কৰিবলৈ এল্যুমিনিয়াম হ’ব ইয়াৰ বায়’প্ৰডাক্ট ।

এই পদ্ধতি একেবাৰেই জটিল নহয় । কিন্তু এই পদ্ধতি প্ৰয়োগ কৰিবলৈ যথেষ্ট শক্তিৰ প্ৰয়োজন । সেইবাবেই চন্দ্ৰত এই পদ্ধতি প্ৰয়োগ কৰিবলৈ সৌৰশক্তি বা অন্যান্য শক্তিৰ প্ৰয়োজন হ’ব । ইয়াৰ  লগতে চন্দ্ৰত অক্সিজেন উৎপাদন কৰিবলৈ প্ৰয়োজন হ’ব বৃহৎ পৰিমাণৰ ইণ্ডাষ্ট্ৰিয়েল যন্ত্ৰপাতিৰ । এতিয়া চন্দ্ৰত এই বৃহৎ যন্ত্ৰপাতি নি এই পদ্ধতিৰ সহায়ত পৰ্যাপ্ত শক্তি উৎপাদন কৰাটো হ’ব বিজ্ঞানীসকলৰ বাবে বৃহৎ চেলেঞ্জ আৰু চেলেঞ্জ প্ৰতিহত কৰিলে চন্দ্ৰত প্ৰায় ৮০০ কোটি মানুহ একেলগে বসতি কৰিব পাৰিব বুলি দাবী কৰিছে এই দুই সংস্থাই ।

Exit mobile version