Allahabad High Court Notice : ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ জাননী

আইএমচি বেংকৰ বিৰুদ্ধে চিবিআই তদন্তৰ বিচাৰি পি আই এল গ্ৰাহকৰ

WhatsApp Image 2022 10 13 at 16.36.45

Allahabad High Court Notice :  ভাৰতীয় মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ৷ ন্যায়ালয়ৰ এক শুনানিত কোৱা হয় যে নিষেধাজ্ঞা স্বত্বেও ১০ কোটি টকাৰ ঋণ দিছিল বেংকটোৱে। আনকি বেংকটো ৬৪ কোটি টকাৰ জালিয়াতিত জড়িত থকাৰ অভিযোগ উদ্থাপিত হৈছে ৷

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে ভাৰতীয় ৰিজাৰ্ভ বেংকক ভাৰতীয় মাৰ্কেণ্টাইল সমবায় বেংকৰ (আইএমচি বেংক) বিৰুদ্ধে চিবিআই তদন্ত বিচাৰি কৰা আবেদনৰ ওপৰত জাননী জাৰি কৰিছে। ন্যায়াধীশ এ আৰ মাছুদী আৰু অ’ পি শুক্লাৰ এটা খণ্ড বিচাৰপীঠে মঙলবাৰে সাক্ষী নামৰ এজন আবেদনকাৰীৰ দ্বাৰা দাখিল কৰা এখন পিআইএলৰ ওপৰত নিৰ্দেশটো প্ৰদান কৰিছিল।

আদালতে নৱেম্বৰৰ তৃতীয় সপ্তাহত বিষয়টোৰ ওপৰত ল’ব শুনানি। আৱেদনকাৰীৰ হৈ হাজিৰ হোৱা অধিবক্তা অশোক পাণ্ডে আদালতক কৈছিল যে ইণ্ডিয়ান মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংকে নিষেধাজ্ঞা স্বত্বেও ১০ কোটি টকাৰ ঋণ দিছিল। তেওঁ এইটোও অভিযোগ কৰিছিল যে বেংকটো ৬৪ কোটি টকাৰ প্ৰৱঞ্চনাত জড়িত আছিল আৰু ধন ৰপ্তানিৰ কাৰ্যকলাপতো জড়িত আছিল।

লক্ষণীয়ভাৱে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে ৯ মাহ আগতে ইণ্ডিয়ান মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংক (আইএমচি বেংক) লিমিটেড লক্ষ্ণৌৰ ওপৰত কিছু নিষেধাজ্ঞা আৰোপ কৰিছিল। ইয়াৰ ভিতৰত আছে প্ৰত্যাহাৰৰ ওপৰত এক লাখৰ সীমা। ব্যৱসায়ৰ সময় উকলি যোৱাৰ লগে লগে নিষেধাজ্ঞা কাৰ্যকৰী হৈছিল।
এক বিবৃতিত ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে কৈছিল যে লক্ষ্ণৌৰ এই সমবায় বেঙ্কে আগতীয়া অনুমতি অবিহনে নতুন ঋণ বা অগ্ৰিম প্ৰদান আৰু পুৰণি ঋণ নৱীকৰণ কৰিবলৈ সক্ষম নহ’ব বুলি নিৰ্দেশনা জাৰি কৰে ৷

আনহাতে যিকোনো ধৰণৰ বিনিয়োগ কৰিবলৈ আৰ.বি.আই.-ৰ পৰা আগতীয়া অনুমতি ল’ব লাগিব। “বিশেষকৈ, সকলো সঞ্চয় বা চলিত একাউণ্ট বা জমাকৰ্তাৰ আন যিকোনো একাউণ্টৰ পৰা এক লাখ টকাৰ অধিক উলিওৱাৰ অনুমতি দিয়া নহ’ব ৷ বিবৃতিটোত আৰবিআইয়ে লগতে কয় যে এই নিৰ্দেশনা বোৰক ইয়াৰ বেঙ্কিং অনুজ্ঞাপত্ৰ বাতিল কৰা বুলি গণ্য নকৰিবলৈ বেংক কৰ্তৃপক্ষক স্পষ্ট কৰি দিয়ে ৷

Exit mobile version