Aung San Suu Kyi : তিনি বছৰলৈ কাৰাদণ্ডৰ ম্যাদ বৃদ্ধি আং ছান ছু কি-ৰ

WhatsApp Image 2022 10 13 at 18.11.54

Aung San Suu Kyi : দুটা দুর্নীতি গোচৰত আৰু তিনি বছৰৰ কাৰাদণ্ডেৰে দণ্ডিত কৰা হ’ল ম্যানমাৰৰ গণতন্ত্রকামী নেত্রী আং ছান ছু কি-ক । ৭৭ বছৰৰ নোবেল শান্তি বঁটাজয়ী ছু কি-ক ইয়াৰ পূৰ্বে ২৩ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহিছে ম্যানমাৰৰ সেনা আদালতে । আজি সেনা আদালতে দুটা ভিন্ন দুর্নীতি গোচৰত ছু কি-ক তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তিৰ শুনানি কৰিছে । কিন্তু আদালতে জনাইছে, এই শাস্তি একেলগতে কার্যকৰ কৰা হ’ব । অর্থাৎ সম্প্ৰতি ছু কি-য়ে মুঠ ২৬ বছৰ কাৰাগাৰত বন্দী থাকিব লাগিব ।

২০২১ৰ ফেব্রুৱাৰীত ম্যানমাৰত সেনা অভ্যুত্থানৰ পাছৰ পৰাই গৃহবন্দী কৰা হৈছিল ছু কি-ক । নিজ বাসভৱন নহয়, কোনো অজ্ঞাত স্থানত ৰখা হয় তেওঁক । ছু কি-ৰ অধিবক্তাসকলে বাৰে বাৰে অভিযোগ কৰিছে যে, তেওঁলোকক তেওঁলোকৰ মক্কেলৰ স’তে ভালকৈ দেখা পর্যন্ত কিবলৈ দিয়া হোৱা নাই । ছু কি-ৰ বিৰুদ্ধে মুঠ ১২টা দুর্নীতিৰ অভিযোগ উত্থাপন কৰিছিল জুন্টা চৰকাৰে । যাৰ ভিতৰত উৎকোচ লোৱাৰ পৰা আৰম্ভ কৰি ২০২০ৰ নৱেম্বৰৰ নির্বাচনত কৰ’না বিধি লংঘনৰ দৰে অভিযোগ আছে ।

বিগত কে’বাটাও গোচৰত অবৈধভাৱে দেশত ৱাকি-টকি অনা, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন আইন লংঘনৰ দৰে অভিযোগ উত্থাপন কৰা হৈছিল ছু কি-ৰ বিৰুদ্ধে । য’ত তেওঁক দোষী সাব্যস্ত কৰা হয় আৰু ২৩ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হয় । তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগেই অস্বীকাৰ কৰিছে ছু কি-য়ে ।

Exit mobile version