GURISAGAR DAMAGE ROAD :৩৭ নং ৰাষ্ট্ৰীয় পথৰ মেৰামতিৰ নামত ভেকোভাওনা

গৌৰীসাগৰ তিনি আলিত যাত্ৰীৰ দুৰ্ভোগ

WhatsApp Image 2022 10 13 at 19.34.32 1

GURISAGAR DAMAGE ROAD : আমগুৰি সমষ্টিৰ অন্তৰ্গত গৌৰীসাগৰ তিনি আলিত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাঁই পথৰ দুৰৱস্থা পুণৰ বিধ্বস্থ হৈ পৰিছে । উলেখ্য যে ৰাষ্ট্ৰীয় ঘাঁইপথ প্ৰাধিকৰণ বিভাগৰ অধিনস্থ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাঁইপথটো শিৱসাগৰ জিলাৰ জাঁজীৰ পৰা ডিমৌলৈকে সুদীৰ্ঘ পথছোৱা যোৱা দুটা বছৰে যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছিল যদিও প্ৰায় ৪মাহৰ পূৰ্বে মেৰামতি কৰাত জনসাধাৰণে কিছু সকাহ পাবলৈ সক্ষম হয় ।

কিন্ত গৌৰীসাগৰ তিনি আলিৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথটোৰ প্ৰায় ১০০ মিটাৰ দৈৰ্ঘ মেৰামতিৰ দায়িত্বত নিয়োজিত ঠিকাদাৰে পালমৰা কামেৰে দায়িত্ব সম্পন্ন কৰাত এমাহ নৌহওঁতেই পুণৰ বিধ্বস্থ ৰূপ লয় । সম্প্ৰতি গৌৰীসাগৰ তিনি আলিৰ ব্যস্তময় পথটোৰ ওপৰত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতবোৰত সামান্য এজাক বৰষূণতে বোকা পানীৰে উপচি পৰি যাতায়াতৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে ।

Exit mobile version