ISL TOURNAMENT  TODAY AT SARUSAJJI STADIUM : সৰুসজাইত আজি আই এছ এলৰ মহাৰণ

নৰ্থ-ইষ্ট ইউনাইটেডৰ লগত সমুখ সমৰত নামিব হায়দৰাবাদ এফ চি

WhatsApp Image 2022 10 13 at 15.25.57

ISL TOURNAMENT TODAY AT SARUSAJJI STADIUM : ৭ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা জনপ্ৰিয় ফুটবল লীগ আই এছ এল ত আজি সৰুহজাই খেল পথাৰত নৰ্থ ইষ্ট ইউনাইটেড আৰু হায়দৰাবাদ এফচি সমুহ সমৰত নামিব ।

উল্লেখ্য যে, এইবাৰ নৰ্থ ইষ্ট ইউনাইটেডত অসমৰ পাঁচজন খেলুৱৈ অন্তৰ্ভুক্ত হৈছে । এইসকল হৈছে গুৱাহাটীৰ গৌৰৱ বৰা, নিখিল ডেকা, প্ৰজ্ঞান গগৈ , দিপু মিৰ্ধা আৰু পাৰ্থিব গগৈ ।

ইতিমধ্যে দুয়োটা দলৰ খেলুৱৈসকল অনুশীলনত ব্যস্ত হৈ পৰিছে । সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া খেলখনক লৈ ফুটবল প্ৰেমীসকল যথেষ্ট উৎসাহী হৈ পৰা পৰিলক্ষিত হৈছে । ইফালে আই এছ এলৰ তালিকাত হায়দাৰাবাদ এফ চি ৬ নং স্থানত থকাৰ লগতে নৰ্থ ইষ্ট ইউনাইটেড ১০ নং স্থানত আছে । তেনেক্ষেত্ৰত খেলখন যথেষ্ট ৰোমাঞ্চিত হোৱাৰ আশা কৰিছে ক্ৰীড়াপ্ৰেমী সকলে ।

Exit mobile version