MONKEY MENACE IN THE ALANGI REGION : বান্দৰৰ উপদ্ৰৱত এলেঙী অঞ্চলৰ ৰাইজ বিপদগ্ৰস্ত

WhatsApp Image 2022 10 13 at 19.56.34

MONKEY MENACE IN THE ALANGI REGION : বন্যপ্ৰাণীৰ সংৰক্ষণৰ আৰু সুৰক্ষাৰ অভাৱত সমগ্ৰ অসমতে মানুহৰ মাজত সময়ে সময়ে যুঁজ- বাগৰ আৰু বিপদ -বিঘিনিৰ সৃষ্টি কৰা খবৰ শুনিবলৈ পোৱা যায় । বন্যপ্ৰাণীৰ ৰক্ষণাবেক্ষণ দিবলৈ এক প্ৰকাৰ বন বিভাগ অপাৰগ হৈছে। বৰ্তমান খাদ্যৰ সন্ধানত হাবি জংঘলৰ পৰা বনৰীয়া জন্তু বিলাক জনাঞ্চললৈ ওলাই আহিছে । অভয়াৰণ্য বিলাকতো উপযুক্ত ভাৱে ৰক্ষণাবেক্ষণ নাই অথবা খাদ্যৰ অভাৱ হৈছে ।

তিতাবৰ মহকুমাৰ গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা জাক জাক হাতীয়ে মৰিয়নী আৰু তিতাবৰৰ গ্ৰামাঞ্চলত প্ৰায়ে বিপদ বিঘিনিৰ সৃষ্টি কৰি আছে। যোৱা ১০ দিনত ৪ টা হাতীৰ মৃত্যু হৈছে। তেনেদৰেই হাবিৰ পৰা বান্দৰ ওলাই আহি গাঁৱৰ ভিতৰত মানুহৰ ঘৰত ভিতৰ পৰ্যন্ত সোমাই গৃহস্থক ত্ৰাহি মধুসূদন দেখুৱাইছে । ঘৰ এৰিবই নোৱাৰে কোনেও। ভাতৰ চৰুটোও লুৰুকিছে গৃহস্থৰ । বাৰীত শইচ ফচল একোৱেই নথকা হল বান্দৰৰ পৰা। কল কুঁহিয়াৰ, বতৰৰ শাক পাচলি ফল মূল সকলো এফালৰ পৰা মষিমূৰ কৰি নিয়ে জাক জাক বান্দৰে। কেৱল দিনৰ ভাগতে নহয়,ৰাতিও উপদ্ৰৱ কৰে।সৰু সৰু ল’ৰা ছোৱালী আৰু মাইকী মানুহৰ ফালে চোচা লয় মলুৱা বান্দৰ বোৰে।

কাজেই ভীষণ অশান্তিৰ মাজেৰে দিন কটাইছে অঞ্চলটোৰ ৰাইজে। এই ক্ষেত্ৰত বন বিভাগ আৰু প্ৰশাসনে ব্যবস্থা গ্ৰহণ নকৰিলে অৰ্থনৈতিক ভাবে জুৰুলা হব ৰাইজ।

Exit mobile version