TOM CRUISE : মহাকাশলৈ যাত্ৰা কৰিব হলীউডৰ জনপ্ৰিয় অভিনেতা টম ক্ৰুজ : থাকিব স্পেছ ষ্টেছনত

WhatsApp Image 2022 10 13 at 16.01.16

TOM CRUISE : হলীউডৰ জনপ্ৰিয় অভিনেতা টম ক্ৰুজৰ সাহসৰ কথা কোনে নাজানে ! কিছুদিন পূৰ্বে এখন চিনেমাৰ শ্বুটিঙৰ বাবে এখন প্লেনৰ পৰা খোলা আকাশত উৰি ফুৰা দেখা গৈছিল অভিনেতাজনক । পুনৰ সকলোকে আচম্বিত কৰি এইবাৰ অভিনেতাজনে পৃথিৱীৰ বাহিৰলৈ যোৱাৰ খবৰ আহিছে ।
প্ৰাপ্ত তথ্য অনুসৰি , অভিনেতাজনে এখন ছবিৰ কামৰ বাবে পৃথিৱীৰ পৰা স্পেছ চেণ্টাৰলৈ যাত্ৰা আৰম্ভ কৰিব ।পৃথিৱীৰ বাহিৰত গৈ শ্বুটিং কৰা টমেই হ’ল প্ৰথমজন অভিনেতা । হলীউডৰ প্ৰসিদ্ধ ছবি নিৰ্মাতা ডগ লিমানৰ লগত এখন ছবিত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছে অভিনেতাজন । যিখন ছবিৰ শ্বুটিং মহাকাশত হ’ব আৰু অভিনেতাজনে কিছুদিন স্পেছ চেণ্টাৰত থাকিব ।
এইবিষয়ে অভিনেতা ও নিৰ্মাতা ইউনিভাৰ্ছেল ফিল্ম এণ্টাৰটেইনমেণ্টৰ লগত অভিনেতাজনে কথা পাতিছে আৰু সকলো ঠিকে থাকিলে অতি সোনকালে অভিনেতাজনে স্পেছ চেণ্টাৰলৈ উৰা মাৰিব বুলি ব্যক্ত কৰিছে ।
অনুমতি লাভ কৰাৰ লগে লগেই অভিনেতাজনে মহাকাশত থকাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি শ্বুটিং আৰম্ভ কৰিব । অভিনেতাজনৰ এই দু: সাহসৰ কথা শুনি এতিয়া অনুৰাগীসকলে ধাৰণা কৰিছে যে , ৬০ বৰ্ষীয় অভিনেতা টমে নিশ্চিতভাৱে অন্য এক ৰেকৰ্ড গঢ়িবলৈকে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিছে ।

Exit mobile version