TRANSGENDER MAN WHO GAVE WITH SLAMS NURSES FOR CALLING HIM AS A MOTHER AFTER BIRTHING A CHILD : নাৰী জাতিক প্ৰত্যাহ্বান জনাই পৃথিৱীৰ প্ৰথম পুৰুষজনে জন্ম দিলে এটি সন্তান

WhatsApp Image 2022 10 13 at 15.09.54

TRANSGENDER MAN WHO GAVE WITH SLAMS NURSES FOR CALLING HIM AS A MOTHER AFTER BIRTHING A CHILD : লছ এঞ্জেলেছৰ বেনেট ক্যেচপাৰ নামৰ এই ৩৭ বছৰীয়া যুৱকজনে এটা সন্তান জন্ম দি মাতৃত্বৰ গৌৰৱ অৰ্জন কৰা প্ৰথমজন পুৰুষ হিচাপে পৰিগণিত হৈছে ।

প্ৰায় ১০ বছৰ পূৰ্বে বেনেটে নিজৰ মাজত কিছু পৰিৱৰ্তন দেখা পাইছিল । ইয়াৰ তিনি বছৰৰ পিছতে তেওঁ নিজকে স্বেচ্ছাই স্থানান্তৰিত কৰি ছয় বছৰ ধৰি ভৱিষ্যত এজন স্বামীৰ সন্ধান কৰিলে আৰু অৱশেষত ২০১৯ বৰ্ষত তেওঁ বিবাহপাশত আৱদ্ধ হয় । বিবাহৰ পিছতেই এই দম্পতি হালে এটি সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লয় । আশ্চৰ্যজনক কথা যে , বেনেটে নিজৰ লিংগ পৰিৱৰ্তন কৰাৰ পিছতো নাৰীৰ ৰূপলৈ পৰিৱৰ্তন হোৱা নাছিল ।

শাৰীৰিক অৱয়বত তেওঁ পুৰুষ হৈ থাকিও নিজৰ মাজত সন্তান জন্ম দিয়াৰ ক্ষমতা আছে বুলি মানি কেৱল নাৰীয়েই যে সন্তান জন্ম দিব পাৰে এই ধাৰণাক ভুল প্ৰমাণিত কৰাৰ চিন্তা কৰিলে । অৱশেষত নাৰীয়ে যে কেৱল সন্তান জন্ম দিব পাৰে ,সেইকথা ভুল প্ৰমাণিত কৰি প্ৰচণ্ড মানসিক শক্তিৰ যোগেদি ২০২০ চনত বেনেট গৰ্ভৱতী হয় ।
কিন্তু সেই সময়ত বিশ্বজুৰি হোৱা কৰ’না অতিমাৰীৰ বাবে বেনেট বহুত চিন্তাত পৰিছিল যদিও ২০২০ চনৰ অক্টোবৰ মাহত চিজাৰিয়ান পদ্ধতিৰে হ্যাডশ্যন নামৰ এটি শিশু জন্ম দিয়ে । অৱশ্যে চিকিৎসালয়ত থকা সময়ত তেওঁ এই লিংগ সমস্যাক লৈ যথেষ্ট অসুবিধাত পৰিছিল যদিও মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিবলৈ তেওঁ সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল । কাৰণ বেনেটৰ মতে পৃথিৱীত কেৱল নাৰীয়েই মাতৃ হ’ব নোৱাৰে । সমান্তৰালকৈ পুৰুষেও মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিব পাৰে ।

বৰ্তমান বেনেটে শিশুটিক লৈ দৈনিক নতুন নতুন অভিজ্ঞতা শ্বেয়াৰ কৰি আছে । শিশুটিয়ে বেনেটক ডেড বুলি সম্বোধন কৰে আৰু তেওঁ শিশুটিক ডাঙৰ হোৱাৰ লগে লগে এটা কথাই শিকাবলৈ যত্ন কৰিছে যে , তাৰ সকলো দায়িত্ব তাৰ পিতৃয়ে বহন কৰিছে । কাৰণ বেনেটে নিজকে মাতৃ বুলি ক’ব নিবিচাৰে । ইয়াৰলগতে বেনেটে শিশুটিক লৈ কোনেও যাতে বেয়া মন্তব্য নকৰে বা শিশুটিৰ প্ৰতি ভাল ভাৱ আৰু শ্ৰদ্ধা জনাবলৈ আহ্বান জনাইছে ।

Exit mobile version