WILD ELEPHANT INFESTATION IN RANI’S FARM : ৰাণীৰ খেতি পথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ

গছকি লণ্ডভণ্ড কৰিলে শালি ধান

WhatsApp Image 2022 10 13 at 19.32.40

WILD ELEPHANT INFESTATION IN RANI’S FARM : সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ অসম-মেঘালয় সীমান্তৰ বৃহত্তৰ ৰাণী অঞ্চলৰ বিক্ৰমপুৰ, নালাপাৰা, বেলগুৰি, খপেগাওঁ, পুখুৰীপাৰ, চেচা, মৈৰাপুৰ, মানিকপুৰ, পাত হালধীয়া, আন্ধেৰিজুলি, উদয়পুৰ, মাজপাৰা, পাটগাওঁ, পুৰাণ শুকুৰবেৰীয়া আদি অঞ্চলৰ কৃষিজীৱী ৰাইজে বিগত আহাৰ-শাওন মাহত কপালৰ ঘাম মাটিত পেলাই ভূঁই ৰুই শালিধানৰ খেতি কৰিছিল।

প্ৰায় তিনিমাহ পূৰ্বে ৰুৱা ভূঁই সম্প্ৰতি পুৰঠ হৈ ধানৰ গেৰ মেলিছে তথা ধানত থোক হৈছে। সকলো ঠিকে থাকে থাকিলে অহা নৱেম্বৰ মাহৰ শেষৰ ফালে শালি ধান চপাব পৰা বা কাটিব পৰা হ’ব । কিন্তু ভূতৰ ওপৰত দানহ পৰাদি আহি পৰিছে বনৰীয়া হাতীৰ উপদ্ৰব। ফলত কৃষক ৰাইজ দিশহাৰা হৈ পৰিছে । এই সন্দৰ্ভত অঞ্চলটোৰ একাংশ কৃষকে জানিবলৈ দিয়া মতে অসম-মেঘালয়ৰ সীমান্তৱৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলৰ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা প্ৰায় কেবাটাও বনৰীয়া হাতীয়ে ৰাণীৰ বেলগুৰী, বিক্ৰমপুৰ, নালাপাৰা, জয়পুৰ, চেঁচা, টাংগণপাৰা গাঁৱৰ খেতি পথাৰত সোমাই ধান গছকি-গছকি নষ্ট কৰি পেলাইছে । বহু কষ্টৰে ৰোৱা ধান বনৰীয়া হাতীয়ে গছকি নষ্ট কৰি পেলাইছে ।

Exit mobile version