FLOOD SITUATION IN  ASSAM”S NINE DIST: আহিনমহীয়া বানে ধুইছে ৰাজ্যৰ ভিন্ন প্ৰান্ত

বানৰ কবলত ৯ জিলা

WhatsApp Image 2022 10 14 at 17.55.09

FLOOD SITUATION IN  ASSAM”S NINE DIST: আহিনমহীয়া বানে ধুইছে ৰাজ্যৰ ভিন্ন প্ৰান্ত ৷ বানত আক্ৰান্ত হোৱা লোকসকলৰ অৱস্থা হৈ পৰিছে শোচনীয় ৷ বানে সৰ্বস্বান্ত কৰিছে বানাক্ৰান্ত সকলক৷ বানপানীৰ তৃতীয় ঢৌয়ে ৰাজ্যৰ নখন জিলাক প্ৰভাৱিত কৰিছে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ) মতে, ধেমাজি, ডিব্ৰুগড়, যোৰহাট, নগাঁও, লখিমপুৰ, দৰং, গোলাঘাট, মাজুলী আৰু কামৰূপ (মেট্ৰ’পলিটান)ৰ একাংশ পৰিছে বানৰ কবলত ৷ জিলা কেইখনৰ বহু অঞ্চল বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে ৷ ৰাজ্য খনৰ ২০ টা ৰাজহ চক্ৰৰ ১৯৯ খন সম্প্ৰতি বানৰ কবলত । এএছডিএমএ অনুসৰি ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰ জিলাত বানপানীৰ ফলত ৫০,৮৩৬ জন লোক ক্ষতিগ্ৰস্ত হৈছে।

যোৱা কেইদিনমানত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী ধেমাজি জিলাৰ গেৰুকামুখত অৱস্থিত ২০০০ মেগাৱাট সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বহুস্থানত ভূমিস্খলন হৈছে। আনকি মুল গাৰ্ড ওৱাল খন বিধস্ত হৈছে ৷

বুধবাৰে প্ৰকল্পস্থলীৰ ওচৰত অৱস্থিত পাহাৰৰ এটা অংশ সোৱনশিৰি নদীৰ ডাইভাৰ্চন পথত পৰিছিল। ভূমিস্খলনৰ পিছত প্ৰায় সম্পূৰ্ণ হোৱা প্ৰকল্পটোৰ কাম স্থগিত ৰখা হৈছে প্ৰাপ্ত বাতৰিত প্ৰকাশ৷ আনহাতে ডিব্ৰুগড়ৰ মাইজান আৰু নাগাঘুলী অঞ্চলা উপকণ্ঠত ব্ৰহ্মপুত্ৰত খহনীয়াই ভয়াৱহ ৰূপ লোৱাত ডিব্ৰুগড় চহৰলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ জিলা প্ৰশাসনে অঞ্চলটোত বাস কৰা লোকসকলক যিকোনো সাম্ভাব্য বিপদৰ আশংকা কৰি নিৰাপদ স্থানলৈ স্থানান্তৰৰ বাবে সৰ্তক কৰি দিছে ৷

শুক্ৰবাৰে আবেলি ৪ বজা পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে বুলি এএছডিএমএ- এ সদৰি কৰিছে ৷

Exit mobile version