মাত্ৰ ২০ মিনিটত আপোনাৰ প্ৰিয় মিঠাই ৰসমল্লাই তৈয়াৰ কৰো আহক–

WhatsApp Image 2022 10 15 at 13.48.08

আজিৰ আখল

 

সকলোৱে ৰসমল্লাই খাই ভাল পায় । গাখীৰৰ মালাইৰ পৰা সৰু সৰু লাড়ু কৰি এই সু-স্বাদু মিঠাই তৈয়াৰ কৰা হয় । সৰু-ডাঙৰ সকলোৱে ৰসমল্লাই খায় ভাল পায় । বিশেষকৈ পাউদাৰ গাখীৰৰ ৰসমল্লাইৰ সোৱাদ সকলোৰে প্ৰিয় ।

সাধাৰণতে সকলোৱে মিঠাইৰ দোকানত ৰসমল্লাই কিনি খায় । যদি আপুনি এই সু-স্বাদু মিঠাই ঘৰতে তৈয়াৰ কৰি খাব বিচাৰে ,তেন্তে আপুনি এই মিঠাইৰ সোৱাদ আৰু বেছিকৈ পাব পাৰিব আৰু আপোনাৰ বহুখিনি পইচাও ৰাহি হ’ব ।

গতিকে আহকছোন এই মিঠাই কেনেকৈ তৈয়াৰ কৰে আমি জানো —-

উপকৰণ :

১/ পাউদাৰ গাখীৰ এক কাপ
২/ বেকিং পাউদাৰ আধা চামুচ
৩/ ঘি এক চামুচ
৪/ ইলাচি ১/২ টা
৫/ চেনী দুই চামুচ
৬/ কনডেন্স গাখীৰ আধা কাপ
৭/ কণী এটা আৰু
৮/ এক লিটাৰ গাখীৰ

পদ্ধতি : প্ৰথমে পাউদাৰ গাখীৰ , বেকিং পাউদাৰ , ঘি আৰু কণী দি এক মিশ্ৰণ তৈয়াৰ কৰি ল’ব লাগে । যদি মিশ্ৰণখিনি কোমল নহয় তেতিয়া তাত সামান্য গাখীৰ ঢালি কোমল কৰি ল’ব পাৰে । ইয়াৰপিছত মিশ্ৰণখিনি এখন ঢাকোন দি প্ৰায় ১০ মিনিট সময় ৰাখিব লাগে ।

পুনৰ এক লিটাৰ গাখীৰ গৰম কৰি ইলাচি , চেনী আৰু কনডেন্স গাখীৰ মিহলি কৰিব লাগে । এতিয়া তৈয়াৰ কৰি থোৱা মিশ্ৰণখিনিৰ পৰা নিজৰ জোখমতে সৰু সৰু লাড়ু তৈয়াৰ কৰি গৰম কৰি থকা গাখীৰখিনিত ঢালি দি লাগে । কিন্তু এটা কথা মনত ৰাখিব লাগে যে , গাখীৰখিনি গৰম কৰি কৰি আধা হ’বলৈ দিয়াৰ পিছতহে ৰসমল্লাইখিনি ঢালিব লাগে অৰ্থাৎ গাখীৰখিনি ডাঠ হোৱাৰ পিছতহে তৈয়াৰ কৰি থোৱা ৰসমল্লাইখিনি দিব লাগে ।

কিছুসময় উতলোৱাৰ পিছত আৰু অলপ ডাঠ হ’লে এখন ঢাকোন দি আৰু পাঁচ মিনিট সময় ৰাখিব লাগে । ইয়াৰপিছত জুইৰ পৰা নমাই আৰু ১৫ মিনিট সময় ঠাণ্ডা নোহোৱা পৰ্যন্ত ৰাখিব লাগে । এনে কৰিলে ৰসমল্লাইৰ ভিতৰত গাখীৰ সোমাই ৰসমল্লাইখিনি ফুলি উঠিব ।

এতিয়া ২০-২৫ মিনিটৰ ভিতৰত আপোনাৰ প্ৰিয় মিঠাই ৰসমল্লাই তৈয়াৰ হৈ খাব পৰা হ’ব । আপুনি যদি ঠাণ্ডা কৰি খাই ভাল পাই , তেন্তে পুনৰ ৰসমল্লাইখিনি ফ্ৰিজত ৰাখি পৰিবেশন কৰিব পাৰে । সৰুৰ পৰা ডাঙৰলৈ এই মিঠাই সকলোৱে খাব পাৰে । গাখীৰৰ সকলো পুষ্টি গুণেৰে ভৰপূৰ এই মিঠাই স্বাস্থ্যৰ পক্ষেও ভাল ।

Exit mobile version