140 EXOTIC WILDLIFE SPE CIES RESCUED IN CHAMPHAI MIZORAM : মিজোৰামৰহ চাম্পাইত ১৪০ বিধ ভিন্ন প্ৰজাতিৰ দুস্প্ৰাপ্য বন্যপ্ৰাণী জব্দ

WhatsApp Image 2022 10 15 at 16.41.36 2

 140 EXOTIC WILDLIFE SPECIES RESCUED IN CHAMPHAI MIZORAM : মিজোৰামৰ চাম্পাইত শনিবাৰে মিজো আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত তিনিখন বাহনৰ পৰা জব্দ কৰে ১৪০ টা বিধ ভিন্ন প্ৰজাতিৰ দুস্প্ৰাপ্য বন্যপ্ৰাণী ৷ জিলাত তিনিখন বাহনৰ পৰা ম্যানমাৰলৈ চোৰাংকৈ অনাৰ সন্দেহত প্ৰায় ১৪০ টা বিদেশী বন্যপ্ৰাণীৰ প্ৰজাতি উদ্ধাৰ কৰা হয়।WhatsApp Image 2022 10 15 at 16.41.37 1

চাম্পাই আৰক্ষী , আবকাৰী আৰু নাৰ্কোটিক্স বিভাগৰ যুটিয়া দল এটিয়ে ২ খন বলেৰ’ আৰু এখন ডাষ্টাৰ কাৰৰ পৰা উদ্ধাৰ কৰে দুস্প্ৰাপ্য বন্যপ্ৰাণীসমূহ ৷ লগতে আটক কৰে বাহন কেইখনৰ চালক ক্ৰমে লালেমৰুয়াটা (৩৮), টিনখুমা (৩৮) আৰু ই. লালমুয়ানপুয়াক  ৷
উল্লেখ্য যে ম্যানমাৰৰ পৰা মিজোৰাম অভিমুখে আহি থকা পথত তিনিও খন বাহনক আৰক্ষীয়ে তালাচী চলাই ১৪০ টা বিধ ভিন্ন প্ৰজাতিৰ দুস্প্ৰাপ্য বন্যপ্ৰাণী জব্দ কৰিবলৈ সক্ষম হয় ৷উদ্ধাৰ কৰা বন্য জন্তুবোৰৰ ভিতৰত আছে – ৩০ টা কাছ, ২টা বান্দৰ, ২টা মাৰ্মোছেট বান্দৰ, ২৩ পাইথন, ১৮ টা সুমাত্ৰান ৱাটাৰ মনিটৰ, ৫৫ টা কুঁৱৰী (পোৱালি), ৪ টা ফ্লেম পাৱাৰবাৰ্ড, ৪ টা চাৰ্ভেল মেকুৰী, আৰু এটা এলবিনো ৱালবি । পৰৱৰ্তী সময়ত আইনী প্ৰক্ৰিয়াৰ বাবে চাম্পাইৰ কাষ্টম প্ৰিভেণ্টিভ ফ’ৰ্চৰ অধীক্ষক হস্তান্তৰ কৰে আৰক্ষীয়ে ৷

Exit mobile version