Amul Taaza Price Hike : দীপাৱলীৰ পূৰ্বে পুনৰ দাম বৃদ্ধি আমূল গাখীৰৰ

এমাহত দুবাৰকৈ দাম বৃদ্ধি

amul taaza toned long life milk 200 ml tetra pak 0 20210309

আপুনি নিয়মীয়াকৈ আমূল গাখীৰ ব্যৱহাৰ কৰে নেকি৷তেন্তে সাজু থাকক অধিক দাম দিবৰ বাবে ৷ কিয়নো দীপাৱলীৰ প্ৰাকমুহূৰ্তত সৰ্বসাধাৰণলোকৰ ওপৰত মাধমাৰ সোধাই আমূলৰ দাম পুনৰ বৃদ্ধি কৰিলে৷ এমাহত দ্বিতীয়বাৰৰ দাম বৃদ্ধি ৷শণিবাৰ গুজৰাটৰ প্ৰখ্যাত দুগ্ধ প্ৰস্তুত কোম্পানীটোৱে প্ৰতি লিটাৰ আমূলৰ দাম দুটকাকৈ বৃদ্ধি কৰে ৷

উল্লেখ্য যে আমূলে ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ মাৰ্চ আৰু আগষ্ট মাহটো একাদিক্ৰমে দাম বৃদ্ধি কৰিছিল৷ ইতিমধ্যে আমূলৰ ধাৰাবাহিক মূল্য বৃদ্ধিক লৈ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰয়া হোৱাত কোম্পানীটোৱে স্পষ্টীকৰণ দি কয়, পৰিচালনা আৰু উৎপাদনস্থলীত যথেষ্ট ব্যয় বৃদ্ধি পোৱাৰ বাবে আমূলৰ নামমাত্ৰ বৃদ্ধি কৰিবলৈ বাধ্য হয় বুলি প্ৰকাশ কৰে ৷

মনকৰিবলগীয়া যে এই বৰ্ষৰ শেষৰফালে গুজৰাট বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ৰাজ্য খনৰ বৃহৎ দুগ্ধ প্ৰকল্পটোৱে শাসনাধিষ্ঠ দল সহ বিভিন্ন ৰাজনৈতিক দলক নিৰ্বাচনী পুঁজি যোগান ধৰাৰ বাবেই এইদৰে আমূলৰ দাম বৃদ্ধি কৰিছে বুলি কব বিচাৰে একাংশ ৰাজনৈতিক মহলে ৷

Exit mobile version